নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংগীত নিষিদ্ধ ! তালিবানে জ্বলালে বাদ্যযন্ত্র

🔹 আফগানিস্তানত যুৱপ্রজন্মক সংগীত চর্চাত বাধা
বিশেষ বাৰ্তা, ১ আগষ্ট : আফগানিস্তানত সংগীত চর্চা নিষিদ্ধ কৰিছে তালিবানে৷ বাজেয়াপ্ত কৰা যাৱতীয় বাদ্যযন্ত্র পুৰি পেলালে তালিবান প্রশাসনে৷ দেশখনৰ হেৰাট প্রদেশত শিল্পীৰ পৰা কাঢ়ি অনা গীটাৰ, হাৰমনিয়াম, তবলা আদি বাদ্যযন্ত্র জ্বলাই দিছে তালিবানে৷ সংগীত চর্চা কৰিলে যুৱ সমাজৰ স্খলন ঘটিব৷ কাৰণ সংগীতৰ প্রসাৰ হ’লে বাঢ়িব দুর্নীতি৷- এয়া তালিবানৰ যুক্তি৷ এই যুক্তি দেখুৱাই প্রায় ৮২ হাজাৰ টকা মূল্যৰ বাদ্যযন্ত্র জ্বলাই দিলে তালিবান প্রশাসনে৷ শনিবাৰে হেৰাটত তালিবানৰ নীতি ৰক্ষা মন্ত্রালয়ে এক অনুষ্ঠানৰ আয়োজন কৰি মুকলিকৈ এই বাদ্যযন্ত্রবোৰ জ্বলাই দিয়ে৷ ইয়াৰ লগতে স্পীকাৰ আৰু এমপ্লিফায়াৰো জুইত নিক্ষেপ কৰা হয়৷ ২০২১ চনত আফগানিস্তানত তালিবানে পুনৰ ক্ষমতা দখল কৰাৰ পিছৰে পৰা সংগীত শিল্পীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷

You might also like