নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X বিক্ৰীৰে বিশ্ববাসীক আচৰিত কৰিলে মাস্কে, চুক্তিৰ মূল্য ৩৩ বিলিয়ন ডলাৰ

নিউজ ডেস্ক, ২৯ মাৰ্চঃ নিজৰ সিদ্ধান্তৰে বিশ্ববাসীক সদায় আচৰিত কৰি ৰখা ইলন মাস্কে পুনৰবাৰ এটা ডাঙৰ সিদ্ধান্ত লৈ মাইক্ৰ’ব্লগিং ছাইট টুইটাৰ নিজৰ কোম্পানী xAIক বিক্ৰী কৰে। এই চুক্তি ৩৩ বিলিয়ন ডলাৰত কৰা হৈছে। মন কৰিবলগীয়া যে মাত্ৰ কেইমাহমানৰ আগতে মাস্কে ৪৪ বিলিয়ন ডলাৰত টুইটাৰ ক্ৰয় কৰিছিল আৰু পিছত টুইটাৰৰ নাম সলনি কৰি এক্স কৰি দিছিল। অৱশ্যে পিছত ইলন মাস্কে এক্সক কোম্পানী কৰি তুলিছিল। তেওঁ নিজেই ইনষ্টাগ্ৰামত পোষ্ট কৰি এই শেহতীয়া পৰিঘটনাৰ তথ্য দিছিল। তেওঁ পোষ্টটোত লিখিছে যে এই পদক্ষেপে ভৱিষ্যতে xAIৰ AI প্ৰযুক্তি আৰু xৰ বৃহৎ নেটৱৰ্কৰ বাবে যথেষ্ট লাভৱান হ’ব।

মাস্কে তেওঁৰ পোষ্টত লিখিছে – xAI আৰু X ভৱিষ্যতে ইটোৱে সিটোৰ লগত সংযুক্ত হৈ আছে আৰু তথ্য, মডেল, কম্পিউটিং শক্তি, প্ৰতিভা আৰু বিতৰণৰ সংমিশ্ৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ আৰু লিখিছে যে এই সংমিশ্ৰণে xAI ৰ ক্ষমতা আৰু xৰ বৃহৎ নেটৱৰ্কৰ সংমিশ্ৰণেৰে অতি উপকাৰী হ’ব।

ইলন মাস্ক স্পেচএক্স আৰু টেছলা কোম্পানীটোৰ চিইঅ’। শেহতীয়াকৈ তেওঁক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে। টুইটাৰ ক্ৰয় কৰাৰ পিছত ইলন মাস্কে ইয়াৰ নাম সলনি কৰি এক্স কৰাই নহয়, ইয়াত বহু ডাঙৰ পৰিৱৰ্তন সাধন কৰিলে। ইয়াৰ লগতে তেওঁলোকে ভুল তথ্য, ব্যৱহাৰকাৰীৰ পৰীক্ষণ, ঘৃণামূলক ভাষণকে ধৰি বহু নিয়ম সলনি কৰিলে।

You might also like