নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপায়হীন ‘নাছা’ : কি হ’ব ভাৰতীয় বংশোদ্ভৱ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ

🔹 আন্তর্জাতিক মহাকাশ আস্থানত ৫০ দিনে আবদ্ধ : আৰু মাত্ৰ ৪০ দিন

বিশেষ বাৰ্তা, ২৭ জুলাই : ৫০ দিন পাৰ হ’ল৷ এতিয়াও আন্তর্জাতিক মহাকাশ কেন্দ্র (আইএছএছ)ত আবদ্ধ হৈ আছে ভাৰতীয় বংশোদ্ভৱ মহাকাশচাৰী সুনীতা উইলিয়ামছ৷ কেনেদৰে সুনীতাসহ তেওঁৰ সংগী বুশ্ব উইলম’ৰ পৃথিৱীলৈ উভতি আহিব, তাক লৈ সৃষ্টি হৈছে অনিশ্চয়তা৷ অৱশ্যে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে আন্তর্জাতিক মহাকাশ আস্থানত আবদ্ধ হৈ থকা সুনীতা আৰু উইলম’ৰ নিৰাপদে আছে৷ এগৰাকী ভাৰতীয় মহাকাশ বিশেষজ্ঞই সুনীতা আৰু উইলম’ৰৰ কথা বর্ণনা কৰিছে এটা শব্দৰ জৰিয়তে৷ বিশেষজ্ঞগৰাকীয়ে সদৰী কৰিছে যে ‘ত্রিশংকু’ৰ দৰে ওলমি আছে সুনীতা আৰু উইলম’ৰ৷ ইফালে, নাছাই সদৰী কৰিছে যে বোয়িং ষ্টাৰলাইনাৰ যানখন কিয় হাউলি পৰিছে তাৰ কিছু আভাস পোৱা গৈছে৷ উল্লেখনীয় যে হিলিয়াম গেছ নির্গমন হোৱাৰ ফলতেই সুনীতা আৰু উইলম’ৰ আবদ্ধ হৈ পৰিছে৷ কিন্তু বোয়িং ষ্টাৰলাইনাৰেৰে সুনীতা আৰু উইলম’ৰ পৃথিৱীলৈ উভতি অহাটো সম্ভৱ হ’ব নে নাই, সেই সন্দর্ভত নাছাই কোনো তথ্য সদৰী কৰা নাই৷ বোয়িং সংস্থাৰ তৰফৰ পৰা জনোৱা হৈছে যে আন্তর্জাতিক মহাকাশ যানখন সর্বাধিক ৯০ দিন তাত থাকিব পাৰিব৷ তাৰ পাছতে ইয়াৰ বেটাৰী নিঃশেষ হ’ব৷ ইয়াৰ অর্থ নাছাই আগন্তুক ৪০ দিনৰ ভিতৰত সুনীতা আৰু উইলম’ৰক পৃথিৱীলৈ ওভতাই অনাৰ ব্যৱস্থা গ্রহণ কৰিব লাগিব৷

You might also like