নীৰৱ চন্দ্রত শব্দৰ অধ্যয়ন চলাব নাছাই
🔹 চলিত মাহতে চন্দ্রৰ দক্ষিণ মেৰুলৈ আইএম–১ অভিযান
বিশেষ বাৰ্তা, ৪ ফেব্রুৱাৰী : পৃথিৱীৰ উপগ্রহ চন্দ্রৰ ৰহস্য উদ্ঘাটন কৰিবলৈ মহাকাশ বিজ্ঞানীসকলৰ তৎপৰতা বৃদ্ধি পাই আছে৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে ইতিহাস সৃষ্টিৰে চন্দ্রৰ দক্ষিণ মেৰুত যান অৱতৰণ কৰাৰ পিছত এইবাৰ আমেৰিকাৰ মহাকাশ সংস্থা নাছাই দক্ষিণ মেৰুলৈ যান প্রেৰণ কৰিব৷ চন্দ্রৰ ৰহস্যঘন নীৰৱ পৃথিৱীখনৰ শব্দ অধ্যয়নৰ বাবে চলিত মাহতে জোনবাইৰ দক্ষিণ মেৰুলৈ যান প্রেৰণ কৰিব নাছাই৷ প্রকাশিত তথ্য মতে, চন্দ্রৰ ৰেডিঅ’ নির্গমন বিশ্লেষণ আৰু চিনাক্ত কৰাৰ বাবে ফেব্রুৱাৰী মাহত ৰেডিঅ’ ৱেভ অবজাৰভেচন এট দ্য লুনাৰ ছার্ফেচ অৱ দ্য ফটো ইলেক্ট্রন ছিথ চমুকৈ ৰোলছেছ সঁজুলি আই এম–১ অভিযানৰ জৰিয়তে দক্ষিণ মেৰুলৈ প্রেৰণ কৰিব৷ ৰোলছেছ প্রকল্পৰ নেতৃত্ব দিয়া ড০ নাটছিমুথুক ‘নাট’ গোপালস্বামীয়ে প্রকাশ কৰা মতে, চন্দ্রৰ বুকুত ৰেডিঅ’ কম্পনাংক পৰিৱেশৰ অধ্যয়নৰ বাবে এই অভিযান চলোৱা হ’ব৷ ৰোলছেছ পদ্ধতিসম্পন্ন সঁজুলিটোত চাৰি দীঘল এণ্টেনা থাকিব৷ এই এণ্টেনাৰ দৈর্ঘ্য ৮ ফুটকৈ হ’ব৷ এই এণ্টেনা চন্দ্রৰ বুকুত মুকলি হোৱাৰ পিছত উপগ্রহটোৰ ৰেডিঅ’ নির্গমনৰ অধ্যয়ন চলাব পাৰিব ৷