নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তাজমহলত ছাহজাহানৰ বার্ষিক উৰুছ

🔹 আদালতৰ দ্বাৰস্থ অখিল ভাৰত হিন্দু মহাসভা

বিশেষ বাৰ্তা, ৪ ফেব্রুৱাৰী : উত্তৰ প্রদেশৰ আগ্রাস্থিত ঐতিহাসিক তাজমহলত মোগল সম্রাট ছাহজাহানৰ ৩৬৯সংখ্যক উৰুছ উদযাপনৰ তিনি দিন পূর্বে কালি তাজমহলত এই উৰুছ উদযাপনত নিষেধাজ্ঞা জাৰি কৰিবলৈ আদালতৰ দ্বাৰস্থ হৈছে হিন্দু সংগঠন৷ অখিল ভাৰত হিন্দু মহাসভাই আগ্রাৰ দেৱানী আদালতত আবেদন জনাই তাজমহলৰ ভিতৰত উৰুছ উদযাপন কৰাত অনুমতি নিদিবলৈ আহ্বান জনাইছে৷ অখিল ভাৰত হিন্দু মহাসভাই জনোৱা এই আবেদন আগ্রা দেৱানী আদালতে গ্রহণ কৰিছে আৰু আজি এই সন্দর্ভত শুনানি গ্রহণ কৰিব৷ হিন্দু সংগঠনটোৰ মুখপাত্র সঞ্জয় জাটে প্রকাশ কৰা মতে, ভাৰতীয় প্রত্নতাত্ত্বিক জৰীপে তাজমহলৰ ভিতৰত উৰুছ উদযাপন কৰিবলৈ মোগল তথা ব্রিটিছ চৰকাৰে তথা ভাৰত চৰকাৰে অনুমতি দিছিল নে নাই, সেই সন্দর্ভত তথ্য জনা অধিকাৰত আবেদন জনোৱা হৈছিল৷ প্রত্নতাত্ত্বিক জৰীপে তাজমহলৰ ভিতৰত উৰুছ উদযাপন কৰাৰ ক্ষেত্রত কোনো অনুমতি দিয়া হোৱা নাছিল বুলি জনাইছে৷ ইয়াৰ পিছতে তাজমহলৰ ভিতৰত উৰুছ উদযাপন কৰাৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰিবলৈ হিন্দু সংগঠনটো আদালতৰ দ্বাৰস্থ হৈছে৷ উল্লেখ্য যে অহা ৬ ফেব্রুৱাৰীৰ পৰা ৮ ফেব্রুৱাৰীলৈ তিনিদিনীয়া কার্যসূচীৰে ছাহজাহানৰ বার্ষিক উৰুছৰ আয়োজন কৰা হৈছে৷

You might also like