জাপানত নতুনকৈ আৱিষ্কাৰ ৭ সহস্রাধিক দ্বীপ
নিয়মীয়া বাৰ্তা, ৪ মার্চ: জাপানত পুনৰ সাত সহস্রাধিক দ্বীপ আৱিষ্কাৰ হৈছে৷ এছিয়াৰ দেশখনত পূর্বে দ্বীপৰ সংখ্যা আছিল ৬,৮৫২টা৷ নতুন এই দ্বীপবোৰ আৱিষ্কাৰৰ পাছত জাপানৰ ভৌগোলিক পৰিসীমা যথেষ্ট বৃদ্ধি পাইছে৷ নতুন এই দ্বীপসমূহ আৱিষ্কাৰ হোৱাৰ পাছত জাপানৰ মুঠ দ্বীপৰ সংখ্যা হৈছে ১৪,১২৫টা৷ দেশখনৰ জি’ছপাটিয়েল ইনফর্মেচন অথৰিটী (জিএছআই)ৰ ডিজিটেল মেপত এই তথ্য পোহৰলৈ আহিছে৷ উল্লেখনীয় যে দেশখনৰ উপকূলৰক্ষীয়ে ১৯৮৭ চনত দেশখনৰ মুঠ দ্বীপৰ সংখ্যা ৬,৮৫২টা বুলি ঘোষণা কৰিছিল৷ তেতিয়াৰে পৰা দেশখনে বিভিন্ন চৰকাৰী তথ্যত দ্বীপৰ সংখ্যা ৬,৮৫২ বুলিয়েই উল্লেখ কৰি আহিছে৷ কিন্তু শেহতীয়াকৈ জিএছআয়ে প্রকাশ কৰা ডিজিটেল মেপৰ পাছতেই বিষয়টোক লৈ সমগ্র দেশখনত বিষয়টোক লৈ সৃষ্টি হৈছে ব্যাপক চর্চা৷ অৱশ্যে এই নতুন দ্বীপসমূহ আৱিষ্কাৰ হ’লেও দেশখনৰ পূর্বৰ ভৌগোলিক পৰিসীমাৰ বিশেষ সলনি নহ’ব বুলি ভূ–বিজ্ঞানীসকলে ধাৰণা কৰিছে৷ লক্ষণীয়ভাৱে কোনোধৰণৰ আন্তর্জাতিক চুক্তি অবিহনে জিএছআয়ে এই নতুন মানচিত্র প্রকাশ কৰিছে৷ গতিকে, বিবদমান অঞ্চলো ইয়াৰ মাজত সন্নিৱিষ্ট হ’ব পাৰে বুলি একাংশ বিশেষজ্ঞই ধাৰণা কৰিছে৷ গতিকে, চৰকাৰে তাৎক্ষণিকভাৱে ইয়াক মান্যতা প্রদান কৰা নাই৷