মহাকুম্ভৰ পানীৰে পৱিত্র স্নান নব্বৈ হাজাৰ কাৰাবন্দীৰ
🔹 কাৰাগাৰলৈ প্রেৰণ কৰা হ’ল ত্রিবেণী সংগমৰ পানী
নিউজ ডেস্ক, ২৩ ফেব্রুৱাৰী : উত্তৰ প্রদেশৰ প্রয়াগৰাজত চলি থকা মহাকুম্ভত এতিয়ালৈকে প্রায় ষাঠি কোটি লোকে পৱিত্র স্নান কৰিছে৷ মহাকুম্ভৰ এই পৱিত্র স্নানৰ পৰা বাদ পৰি যোৱা নাই কাৰাগাৰৰ বন্দীসকলো৷ উত্তৰ প্রদেশৰ ৭৫খন কাৰাগাৰৰ মুঠ নব্বৈ হাজাৰ বন্দীয়ে মহাকুম্ভৰ পানীৰে স্নান কৰাৰ সুযোগ লাভ কৰিছে৷ কাৰাগাৰৰ ভিতৰতে মহাকুম্ভৰ পৰা প্রেৰণ কৰা পৱিত্র পানী সদায় ব্যৱহাৰ কৰা পানীৰ সৈতে মিহলি কৰি স্নান কৰিছে বন্দীসকলে৷ উল্লেখ্য যে মহাকুম্ভৰ পৱিত্র স্নানৰ সুযোগ যোগী চৰকাৰে কাৰাগাৰৰ বন্দীসকলকো দিছে৷ স্মর্তব্য যে লক্ষ্ণৌ, অযোধ্যা, আলিগড়কে ধৰি উত্তৰ প্রদেশৰ বিভিন্ন চহৰলৈ কাৰাগাৰৰ বিষয়াসকলে কঢ়িয়াই আনিছে মহাকুম্ভৰ ত্রিবেণী সংগমৰ পানী৷ এই পানীৰে বন্দীসকলক স্নান কৰাৰ সুযোগ দিছে কাৰাগাৰ কর্তৃপক্ষই৷ কেইবাখনো কাৰাগাৰৰ বিষয়ববীয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি মহাকুম্ভৰ পৰা অনা পানী কাৰাগাৰৰ বন্দীসকলে নিয়মীয়াকৈ ব্যৱহাৰ কৰি অহা পানীৰ স’তে মিহলি কৰি পৱিত্র স্নান কৰিছে৷ উত্তৰ প্রদেশ কাৰাগাৰ মন্ত্রী ডাৰা সিং চৌহানে লক্ষ্ণৌৰ কাৰাগাৰত বন্দীসকলৰ এই পৱিত্র স্নান কার্যসূচীত উপস্থিত থাকে৷ স্নান কৰাৰ পিছতে বন্দীসকলে প্রার্থনাত অংশ লয়৷ উল্লেখ্য যে দেশৰ ভিতৰত উত্তৰ প্রদেশৰ কাৰাগাৰত চৰকাৰৰ তৰফৰ পৰা এই ব্যৱস্থা গ্রহণ কৰা হৈছে৷