নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলিত বৰ্ষতেই টাইৱান দখলৰ হুংকাৰ চীনৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ জানুৱাৰীঃ টাইৱান ‘দখল’ কৰিব চীনে এইক্ষেত্রত চীনক কোনেও বাধা দিব নোৱাৰে৷ টাইৱান দখলৰ ক্ষেত্রত চীনক বাধা দিয়াৰ অধিকাৰ কাৰো নাই৷ নৱবর্ষৰ প্রথম দিনটোতে এই হুংকাৰ দিলে চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে৷ অর্থাৎ ২০২৫ বর্ষটো টাইৱান দখলৰ হুংকাৰেৰে আৰম্ভ কৰিলে চীনে৷ নৱবর্ষৰ উৎসৱৰ সময়ত দেশবাসীক সম্বোধি দিয়া ভাষণত এই মন্তব্য কৰিছে চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে৷ টাইৱানৰ ওপৰত চীনৰ নজৰ দীর্ঘদিনীয়া৷ বিভিন্ন সময়ত বেইজিং প্রশাসনে দাবী কৰি আহিছে যে সমগ্র টাইৱান চীনৰ অবিচ্ছেদ্য অংগ৷ কিন্তু বেইজিঙৰ এই দাবীক বাৰে বাৰে অগ্রাহ্য কৰিছে টাইৱান চৰকাৰে৷ প্রশাসনিক পর্যায়ত চীন আৰু টাইৱান দুখন সম্পূর্ণ ৰাষ্ট্র বুলি টাইপেইৰ তৰফৰ পৰা দাবী কৰি অহা হৈছে৷ লক্ষণীয়ভাৱে চীন হৈছে কমিউনিষ্ট ৰাষ্ট্র আৰু টাইৱানত চলি আছে গণতান্ত্রিক প্রশাসন৷ শেহতীয়াকৈ টাইৱানৰ ওপৰত বিভিন্ন ধৰণে চাপ সৃষ্টি কৰিছে বেইজিং প্রশাসনে৷ যোৱা বছৰৰ মে’ মাহত টাইৱানৰ নির্বাচনৰ পিছৰে পৰা তিনিবাৰ সামৰিক অভিযানো চলাইছে চীনে৷ মে’ মাহৰ নির্বাচনৰ পিছতে চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে স্পষ্ট কৰি দিছে যে টাইৱানক নিজৰ দখললৈ অনাৰ বাবে ‘বল প্রয়োগ’ অব্যাহত থাকিব৷ ইয়াৰ মাজতে নৱবর্ষৰ উৎসৱত জিনপিঙে টাইৱান দখল কৰিব বুলি হুংকাৰ দিয়াৰ লগে লগে বিষয়টোক লৈ আমেৰিকাসহ পাশ্চাত্যৰ বিশ্বই তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷ শেহতীয়াকৈ টাইৱান প্রশাসনে অভিযোগ কৰা অনুসৰি ডিচেম্বৰ মাহত চীনে দেশখনৰ বিৰুদ্ধে যি ধৰণৰ সামৰিক অভিযান চলাইছিল সেয়া নজিৰবিহীন আছিল৷ লক্ষণীয়ভাৱে সঘনে টাইৱানৰ আকাশী সীমা উলংঘন কৰি আহিছে চীনৰ যুদ্ধ বিমানে৷ নৱবর্ষৰ উৎসৱত জিনপিঙে ঘোষণা কৰে যে টাইৱান প্রণালীৰ উভয় দিশত থকা চীনা লোকসকল একেই পৰিয়ালৰ অংশ৷ টাইৱান প্রণালীৰ উভয় দিশৰ লোকসকলৰ তেজৰ বন্ধন কোনেও বিচ্ছিন্ন কৰিব নোৱাৰে বুলি উল্লেখ কৰি জিনপিঙে কয় মাতৃভূমিৰ পুনৰ মিলনত বাধা দিয়াৰ অধিকাৰ কাৰো নাই৷

You might also like