কাৰাগাৰত ঠাই নাই, দোষী সাব্যস্তৰ পিছতো শাস্তি ঘোষণাত ‘নিষেধাজ্ঞা’
বিশেষ বাৰ্তা, ১৩ অক্টোবৰ : দেশখনৰ আটাইকেইখন কাৰাগাৰ বন্দীৰে ভৰি আছে। সেয়েহে ৰায়দান অনিৰ্দিষ্টকাললৈ স্থগিত ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। দোষী সাব্যস্ত হোৱাৰ পিছতো শাস্তি ঘোষণা কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ফলত ধৰ্ষণকাৰীৰ দৰে ঘৃণনীয় অপৰাধীয়ে মুক্ত আকাশৰ তলত ঘূৰি ফুৰিবলৈ সক্ষম হৈছে। কাৰাগাৰসমূহৰ বোজা কমাবলৈ প্ৰশাসনেও একাংশ অপৰাধীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত ল’ব পাৰে! ইংলেণ্ড আৰু ৱেলছৰ মুখ্য ন্যায়াধীশে কয় যে জামিনত মুক্ত হৈ থকা অপৰাধীৰ শাস্তি সোমবাৰলৈকে ঘোষণা কৰিব নোৱাৰিব। অৱশ্যে সূত্ৰৰ পৰা জানিব পৰা মতে, যদিও সোমবাৰলৈকে এই নিৰ্দেশনা জাৰি কৰা হৈছে, তথাপি ইয়াৰ পিছতো কিছু সময়ৰ বাবে এই নিৰ্দেশনা বলৱৎ থাকিব। কাৰণ ইংলেণ্ডৰ কাৰাগাৰবোৰ অত্যধিক বন্দীৰে ভৰি আছে। মন কৰিবলগীয়া যে চলিত বৰ্ষৰ আৰম্ভণিতে ইংলেণ্ডৰ মুখ্য ন্যায়াধীশে কয় যে কাৰাগাৰত বন্দীসকলৰ সংখ্যা মনত ৰাখি অপৰাধীক শাস্তি দিয়াৰ নিৰ্দেশ দিব লাগে। দীৰ্ঘদিন ধৰি ইংলেণ্ডত পৰ্যাপ্ত কাৰাগাৰৰ নাটনি হৈ আহিছে। বিভিন্ন কাৰণত জেল তৈয়াৰ কৰাৰ প্ৰক্ৰিয়া এতিয়াও বন্ধ হৈ আছে। সেইবাবেই এতিয়া শাস্তিৰ পৰা সাৰি গৈছে অভিযুক্তসকল।