নাগৰিকত্ব থাকিলেও আমেৰিকাৰ পৰা বহিষ্কাৰ হ’ব অ-আমেৰিকান
নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত ড’নাল্ড ট্ৰাম্পে দেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰিবলৈ আৰম্ভ কৰে। তেওঁ দেশত ক্ষমতা দখল কৰাৰ পিছৰে পৰা ভেনিজুৱেলা, ভাৰত, ব্ৰাজিল, মেক্সিকোকে ধৰি বহু দেশৰ হাজাৰ হাজাৰ লোকক সামৰিক জাহাজত বহিষ্কাৰ কৰা হৈছে। এতিয়া কোৱা হৈছে যে ট্ৰাম্পে ২২৭ বছৰীয়া আইন প্ৰৱৰ্তনৰ বাবে প্ৰস্তুতি চলাইছে, যাৰ ফলত প্ৰতিজন অ-আমেৰিকান লোকক বহিষ্কাৰ হোৱাৰ আশংকা থাকিব। যদিহে ৰাষ্ট্ৰপতি ট্ৰাম্পে এই আইন কাৰ্যকৰী কৰে তেন্তে আমেৰিকাকে ধৰি সমগ্ৰ বিশ্বতে হুলস্থুলৰ সৃষ্টি হ’ব। ১৭৯৮ চনৰ এলিয়েন এনিমিজ এক্টৰ বিষয়ে জানো আহক। চিএনএনৰ প্ৰতিবেদন অনুসৰি ড’নাল্ড ট্ৰাম্পে ১৭৯৮ চনত আমেৰিকাত নিৰ্মাণ কৰা এই আইনখন পুনৰ কাৰ্যকৰী কৰিব বিচাৰিছে। এই আইনখনে আমেৰিকাৰ ৰাষ্ট্ৰপতিক যুদ্ধকালীন ক্ষমতা প্ৰদান কৰে। ইয়াৰ অধীনত ৰাষ্ট্ৰপতিয়ে জাতীয় স্বাৰ্থৰ নামত যিকোনো অআমেৰিকান নাগৰিকক দেশৰ পৰা বহিষ্কাৰ কৰিব পাৰে। যদিও এই আইনখন যুদ্ধৰ সময়ৰ বাবে আছিল, এতিয়া ড’নাল্ড ট্ৰাম্পে স্বাভাৱিক পৰিস্থিতিতো ইয়াক কাৰ্যকৰী কৰিব বিচাৰিছে। আমেৰিকাৰ এই ২২৭ বছৰীয়া আইনখনে কয় যে যেতিয়াই আমেৰিকা আৰু আন যিকোনো দেশৰ মাজত যুদ্ধ হ’ব, তেতিয়াই ৰাষ্ট্ৰপতিৰ হাতত অআমেৰিকান মূলৰ লোকৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ ক্ষমতা থাকিব। বিশেষকৈ ১৪ বছৰ আৰু তাৰ ওপৰৰ লোকৰ সন্দৰ্ভত তেওঁ সিদ্ধান্ত ল’ব পাৰে আৰু তেওঁলোকক দেশৰ বাহিৰতো পেলাই দিব পাৰি। এই আইনৰ অধীনত বহিষ্কাৰ কৰা লোকসকলক ‘বিদেশী শত্ৰু’ বুলি ঘোষণা কৰিব পাৰি। স্বাভাৱিক পৰিস্থিতিত ৰাষ্ট্ৰপতি ট্ৰাম্পে পুনৰবাৰ ১৮ শতিকাৰ এই আইনখন কাৰ্যকৰী কৰিব পাৰে বুলি আশংকা কৰা হৈছে। আমেৰিকাত এই বিষয়ে বহু চৰ্চা চলিছে। কিন্তু আইনী বিশেষজ্ঞসকলে কয় যে যেতিয়া আমেৰিকাত কোনো দেশৰ আক্ৰমণ হোৱা নাই তেতিয়া এই আইনখন কাৰ্যকৰী কৰাটো ট্ৰাম্পৰ বাবে কঠিন হ’ব। ট্ৰাম্প প্ৰশাসনে যিমানেই গেং বা কাৰ্টেলৰ পৰা অহা ভাবুকিৰ উল্লেখ নকৰক কিয়। ২০২৪ চনত ড’নাল্ড ট্ৰাম্পে বহুবাৰ কৈছিল যে ক্ষমতালৈ অহাৰ পিছত তেওঁ অবৈধ অনুপ্ৰৱেশকাৰীক দেশৰ বাহিৰলৈ পঠিয়াব। ইয়াৰ উপৰি তেওঁ এলিয়েন এনিমিছ আইন কাৰ্যকৰী কৰাৰ কথাও ঘোষণা কৰে।