নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানত নাই আন্তঃৰাষ্ট্রীয় মানৰ ষ্টেডিয়াম

🔹 চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে পিচিবিৰ অধ্যক্ষ নাকভীৰ অকপট স্বীকাৰোক্তি

নিউজ ডেস্ক, ২১ আগষ্ট : পাকিস্তানৰ কোনো এখন ষ্টেডিয়াম আন্তঃৰাষ্ট্রীয় মানৰ নহয়৷ এই চাঞ্চল্যকৰ মন্তব্য পিচিবিৰ অধ্যক্ষ মহছিন নাকভীৰ৷ অহা বছৰ পাকিস্তানত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী৷ পিচিবিৰ বাবে প্রত্যাহ্বান হৈছে ষ্টেডিয়ামসমূহক আন্তঃৰাষ্ট্রীয় মানৰ কৰি তোলা৷ নাকভী নিজেই লাহোৰৰ গাড্ডাফি ষ্টেডিয়ামৰ কাম–কাজ চোৱাচিতা কৰিবলৈ গৈছিল৷ অৱশ্যে সমগ্র ষ্টেডিয়ামখন নবীকৰণ কৰাটো অতি কঠিন৷ নাকভীয়ে অৱশ্যে অনুভৱ কৰিছে যে চেম্পিয়নছ ট্ৰফীৰ পূর্বে প্রতিখন ষ্টেডিয়াম সুন্দৰকৈ সজাই তোলা হ’ব৷ নাকভীয়ে লগতে কয় যে আন্তঃৰাষ্ট্রীয় ষ্টেডিয়াম আৰু আমাৰ ষ্টেডিয়ামৰ মাজত বহুত পার্থক্য আছে৷ আমাৰ কোনো এখন ষ্টেডিয়াম আন্তঃৰাষ্ট্রীয় মানৰ নহয়৷ নাকভীয়ে আশা কৰিছে যে বিদেশী দলৰ মেচসমূহ লাহোৰৰ গাড্ডাফি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ এই গাড্ডাফি ষ্টেডিয়ামতে অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফীৰ ফাইনেল মেচখনো৷ ভাৰতীয় দলটো পাকিস্তানত খেলিবলৈ যাব বুলি ধৰি লৈ পিচিবিয়ে সূচী প্রস্তুত কৰিছে৷ নিৰাপত্তাজনিত কাৰণত ভাৰতীয় দলটোৰ খেলসমূহ এখন খেলপথাৰত অনুষ্ঠিত কৰাৰ কথা ভাবিছে৷ লাহোৰৰ গাড্ডাফি ষ্টেডিয়ামত মেন ইন ব্লুৱে সকলো খেল খেলাৰ কথা৷ অহা বছৰৰ ১৯ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী৷ ৫ মার্চলৈকে চলিব এই প্রতিযোগিতা৷

You might also like