এক তাৰিখ এক ঘণ্টা এক সাথ কার্যসূচী
🔹 ১ অক্টোবৰৰ পুৱা ১০ বজাত স্বচ্ছতাৰ বাবে এঘণ্টা শ্রমদানৰ আহ্বান মোদীৰ
বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰ : ‘এক তাৰিখ এক ঘণ্টা এক সাথ’ অভিযান ঘোষণা কৰি সমগ্র দেশবাসীক ১ অক্টোবৰৰ পুৱা ১০ বজাত স্বচ্ছতাৰ কাৰণে এঘণ্টা শ্রমদানৰ আহ্বান জনাইছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ জনপ্রিয় ৰেডিঅ’ কার্যসূচী ১০৫সংখ্যক ‘মন কী বাত’ত দেশবাসীক সম্বোধন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে স্বচ্ছতাৰ কাৰণে দেশবাসীক একত্রিত হৈ এঘণ্টা শ্রমদানৰ আহ্বান জনায়৷ গান্ধী জয়ন্তীৰ প্রাক্ক্ষণত বাপুজীৰ প্রতি দেশবাসীৰ এয়া সংহত শ্রদ্ধাঞ্জলি হ’ব বুলিও কয় প্রধানমন্ত্রী মোদীয়ে৷ বহুচর্চিত ‘মন কী বাত’ত প্রধানমন্ত্রী মোদীয়ে চন্দ্রযান–৩ অভিযানৰ সফলতাৰ পৰা নতুন দিল্লীত আয়োজিত জি–২০ শীর্ষ সন্মিলনখনৰ সফলতাকে ধৰি পর্যটন খণ্ডত দেশৰ গুৰুত্ব, ভাৰতীয় সংগীতৰ আন্তর্জাতিক যাত্রাকে ধৰি বিভিন্ন বিষয়ক লৈ আলোচনা কৰে৷ চন্দ্রযান–৩ অভিযানৰ সফলতাই চন্দ্রৰ দক্ষিণ মেৰুত চন্দ্রযান অৱতৰণ কৰোৱা বিশ্বৰ প্রথম দেশ হিচাপে ভাৰতে ইতিহাস গঢ়াৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে চন্দ্রযান–৩ৰ মেগা কুইজত দেশৰ শিক্ষার্থীসকলক অংশগ্রহণ কৰিবলৈ আহ্বান জনায় প্রধানমন্ত্রী মোদীয়ে৷ চন্দ্রযান–৩ৰ অবিস্মৰণীয় সফলতাৰ লগতে ভাৰতৰ অধ্যক্ষতাত নতুন দিল্লীত আয়োজন কৰা জি–২০য়ে প্রতিগৰাকী ভাৰতীয়ক দুগুণ আনন্দিত কৰাৰ প্রসংগৰে প্রধানমন্ত্রী মোদীয়ে কয়– প্রগতি ময়দানৰ ভাৰত মণ্ডপমত উদযাপনত জনতাই গৌৰৱেৰে ছেলফি উঠি এই ছেলফি ছ’চিয়েল মিডিয়াযোগে সম্প্রচাৰ কৰিছে৷ ইপিনে, জি–২০ সন্মিলনৰ সময়তে ভাৰত–মধ্যপ্রাচ্য–ই অর্থনৈতিক কৰিড’ৰক লৈ ভাৰত, আমেৰিকা, ইউএই, ছৌদি আৰব, জার্মানী, ইটালী আৰু ইউৰোপীয় সংঘই সন্মতি প্রকাশ কৰি ঐতিহাসিক সিদ্ধান্ত গ্রহণৰ বিষয়েও কয় প্রধানমন্ত্রী মোদীয়ে৷ তেনেদৰে দেশৰ পর্যটন খণ্ডৰ গুৰুত্ব উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে এই খণ্ডত ন্যূনতম বিনিয়োগত উচ্চতম সংস্থাপন সৃষ্টি হয় বুলি কয়৷ জি–২০ সন্মিলনৰ সফলতাই বিশ্বৰ নাগৰিকৰ ভাৰতৰ প্রতি আকর্ষণ বৃদ্ধি পাইছে বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷ জি–২০ সন্মিলনৰ সময়ত ভাৰতীয় যুৱশক্তিয়ে যিধৰণে নিজৰ কর্মদক্ষতা প্রমাণিত কৰিলে, তাৰ বাবে শিক্ষার্থীসকলক প্রশংসা কৰে প্রধানমন্ত্রীয়ে৷ অহা ২৭ ছেপ্টেম্বৰত বিশ্ব পর্যটন দিৱস উপলক্ষে সমগ্র দেশবাসীকে এখন ঠাইৰ লোকক আন ঠাইলৈ গৈ ভাৰতৰ বৈচিত্র্য নিৰীক্ষণ কৰিবলৈ আহ্বান জনায় প্রধানমন্ত্রীয়ে৷ আনহাতে, জার্মান মহিলা এগৰাকীয়ে ভাৰতীয় সংস্কৃতি আৰু সংগীতক আন্তর্জাতিক পর্যায়লৈ লৈ যোৱা বিষয়টোও প্রধানমন্ত্রীগৰাকীয়ে তেওঁৰ ‘মন কী বাত’ত উল্লেখ কৰে৷ তেনেদৰে উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ প্রাক্ক্ষণত প্রধানমন্ত্রী মোদীয়ে ভোকেল ফৰ লোকেল শ্লোগানক পুনৰ দেশবাসীক সহূদয়তাৰে আঁকোৱালি ল’বলৈ আহ্বান জনায়৷ ভাৰতত নির্মিত সামগ্রী ক্রয় কৰাৰ লগতে মেড ইন ইণ্ডিয়া সামগ্রী উপহাৰ হিচাপে সকলো ব্যক্তিকে আগবঢ়াবলৈ আহ্বান জনায় প্রধানমন্ত্রীয়ে৷ উল্লেখ্য যে প্রধানমন্ত্রী হিচাপে নৰেন্দ্র মোদীয়ে দায়িত্ব গ্রহণ কৰাৰ পাছত ২০১৪ চনৰ ৩ অক্টোবৰত ৰেডিঅ’ কার্যসূচী ‘মন কী বাত’ আৰম্ভ কৰিছিল৷ ২০২৩ চনৰ ৩০ এপ্রিলত এই কার্যসূচীৰ ১০০টা সংস্কৰণ সম্প্রচাৰ হৈ গৈছে৷