নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Oscar 2025 : আনোৰা শ্ৰেষ্ঠ ছবি, এড্ৰিয়েন ব্ৰডি-মিকি মেডিচন শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰী

নিউজ ডেস্ক, ৩ মাৰ্চঃ লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত অনুষ্ঠিত ৯৭সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানৰ সামৰণি পৰিছে। এই অনুষ্ঠানত ২৩টা শাখাৰ আটাইকেইটা শাখাৰ অস্কাৰ বিজয়ীক ঘোষণা কৰা হৈছে। এইবাৰ আধিপত্য বিস্তাৰ কৰিলে ৰোমান্টিক-কমেডী ছবি ‘আনোৰাই’। শ্ৰেষ্ঠ ছবিকে ধৰি পাঁচটা অস্কাৰ বঁটা লাভ কৰে ছবিখনে। আনহাতে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা ‘দ্য ব্ৰুটালিষ্ট’ ছবিৰ বাবে এড্ৰিয়েন ব্ৰডীয়ে আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে ‘আনোৰা’ ছবিৰ বাবে মিকি মেডিচনে। বিভিন্ন শাখাৰ অস্কাৰ লাভ কৰা তালিকা এনেধৰণৰ–

শ্ৰেষ্ঠ ছবি
আনোৰা

শ্ৰেষ্ঠ অভিনেত্ৰী
মিকি মেডিচন – অনোৰা

শ্ৰেষ্ঠ অভিনেতা
এড্ৰিয়েন ব্ৰডি – ব্ৰুটালিষ্ট

শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী
জো ছালডানা – এমিলিয়া পেৰেজ

শ্ৰেষ্ঠ সহযোগী অভিনেতা
কিয়ৰন কালকিন – দ্য ৰিয়েল পেইন

শ্ৰেষ্ঠ পৰিচালক
শ্বেন বেকাৰ – আনোৰা

শ্ৰেষ্ঠ এনিমেটেড ফিচাৰ
ফ্লো

শ্ৰেষ্ঠ অৰিজিনেল চিত্ৰনাট্য
অনোৰা – শ্বেন বেকাৰ

শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য
কনক্লেভ – পিটাৰ ষ্ট্ৰাউগান

শ্ৰেষ্ঠ মৌলিক গীত
এল মাল – এমিলিয়া পেৰেজ

শ্ৰেষ্ঠ মৌলিক স্ক’ৰ
দ্য ব্ৰুটালিষ্ট

শ্ৰেষ্ঠ তথ্যচিত্ৰ বৈশিষ্ট্য
ন’ আডাৰ লেণ্ড

শ্ৰেষ্ঠ সাজ-পোছাকৰ ডিজাইন
উইকড

শ্ৰেষ্ঠ মেকআপ আৰু হেয়াৰ ষ্টাইলিং
দ্য ছাবষ্টেঞ্চ

শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইন
উইকড

শ্ৰেষ্ঠ শব্দ
ডিউন : দ্বিতীয় খণ্ড

শ্ৰেষ্ঠ ছবি সম্পাদনা
আনোৰা

শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফী
দ্য ব্ৰুটালিষ্ট

শ্ৰেষ্ঠ ভিজুৱেল ইফেক্ট
ডিউন : দ্বিতীয় খণ্ড

শ্ৰেষ্ঠ লাইভ একচন চুটি
আই এম নট ৰবট

শ্ৰেষ্ঠ এনিমেটেড চুটি
ইন দ্য ছেডো অৱ দ্য ছাইপ্ৰাছ

শ্ৰেষ্ঠ তথ্যচিত্ৰ
দ্য অনলি গাৰ্ল ইন দ্য অৰ্কেষ্ট্ৰা

You might also like