PoK দখলৰ ইয়াতকৈ ভাল সময় হ’বই নোৱাৰে, প্ৰাক্তন DGP
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ডিজিপি এছ পি বৈদ্যৰ এটা ডাঙৰ বক্তব্য পোহৰলৈ
নিউজ ডেস্ক, ২৯ এপ্ৰিলঃ PoK দখলৰ ইয়াতকৈ ভাল সময় হ’বই নোৱাৰে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে।
এই সন্দৰ্ভত জম্মু-কাশ্মীৰৰ প্ৰাক্তন ডিজিপি এছ পি বৈদ্যৰ এটা ডাঙৰ বক্তব্য পোহৰলৈ আহিছে। তেওঁ কয় যে PoK দাবী কৰিবলৈ আজিতকৈ ভাল সময় হবই নোৱাৰে।
তেওঁ কয় যে আমাৰ সংসদতো পি অ’ কে (পাক অধিকৃত কাশ্মীৰ) পুনৰ ঘূৰাই অনাৰ প্ৰস্তাৱ আছে। আজি পাকিস্তানৰ আভ্যন্তৰীণ পৰিস্থিতি যিদৰে আছে, তাত স্পষ্ট হৈ পৰিছে যে পাকিস্তানৰ বিভাজন নিশ্চিত।
পাকিস্তানী সেনাৰ অৱস্থা ইমানেই বেয়া যে বেলুচিস্তানতো প্ৰৱেশ কৰিব নোৱাৰে। তেওঁ আৰু কয় যে খাইবাৰ পাখতুনখোৱা (কেপিকে)ৰ প্ৰায় ৬০ শতাংশ অঞ্চলৰ পৰা আৰক্ষী আৰু সেনাই পলায়ন কৰিছে, পাকিস্তানে নিজেই এই পৰিস্থিতি স্বীকাৰ কৰিছে।
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ডিজিপিগৰাকীয়ে কয় যে সিন্ধে বেলুচ লিবাৰেশ্যন আৰ্মীৰ সৈতে বান্ধোনত বান্ধ খাইছে। ভাৰতৰ সৈতে যুদ্ধ হ’লেই এই তিনিটা টুকুৰাই স্বাধীনতা ঘোষণা কৰিব। তেওঁ কয় যে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক জেলত ভৰোৱা হৈছে। তাত থকা মানুহবোৰ এই ধৰণৰ একনায়কত্ববাদৰ পৰা বিৰক্ত হৈ পৰিছে।
তেওঁ কয় যে পাকিস্তানৰ এজনো সেনা মুৰব্বী পাকিস্তানত নাথাকে। পাকিস্তানৰ প্ৰতি তেওঁলোকৰ কোনো আনুগত্য নাই। পাকিস্তানত এখন চিঠি প্ৰচাৰ হৈ আছে, য’ত কোৱা হৈছে যে আমি আপোনাৰ যুদ্ধ কিয় যুঁজিম।
এনে পৰিস্থিতিত পাকিস্তান চাৰিটা ভাগত বিভক্ত হোৱাটো নিশ্চিত। তেওঁ আৰু কয় যে পাকিস্তানী সেনাপ্ৰধান অসীম মুনিৰে যিদৰে কথা কৈছে আৰু তাত থকা প্ৰধানমন্ত্ৰীয়ে শুনি আছে। তাত প্ৰধানমন্ত্ৰীৰ যে কোনো ক্ষমতা নাই সেয়া স্পষ্ট। তেওঁ আৰু কয় যে দেশত সেনাবাহিনী আছে বুলি কোৱা হয় যদিও সেনাবাহিনীয়েহে পাকিস্তানক চলায়।
তেওঁ আৰু কয় যে যিদিনা পাকিস্তানত আক্ৰমণ হ’ব, সেইদিনা তাত থকা জনসাধাৰণে ভাৰতীয় সেনাবাহিনীক আদৰি ল’ব। যোৱা কিছুদিন ধৰি পাকিস্তানী সেনাপ্ৰধানজনক দেখা পোৱা নাই, ইমান ভয় খাইছে।