ভাৰতৰ ভাবুকি-ত শিৰণত পাকিস্তান, পেহেলগাম ৰ তদন্তত সহযোগৰ আশ্বাস
নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ ভাৰতৰ ভাবুকি-ত শিৰণত হৈ পেহেলগাম ৰ তদন্তত পাকিস্তানৰ সহযোগৰ আশ্বাস। পেহেলগামৰ তদন্তত সহযোগৰ আশ্বাস। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে আজি কয় যে কাশ্মীৰৰ পেহেলগামত ২৬জন লোকৰ হত্যাকাণ্ডৰ যিকোনো “ন্যায় আৰু স্বচ্ছ” তদন্তত অংশগ্ৰহণ কৰিবলৈ পাকিস্তান সাজু। তেওঁ কয় যে পাকিস্তানে সকলো ধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দিয়ে আৰু নিজেই সন্ত্ৰাসবাদৰ বলি হৈ আহিছে।
২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামৰ বৈছাৰন উপত্যকাত নিৰ্বিচাৰে গুলীচালনা কৰিছিল সন্ত্ৰাসবাদীয়ে। এই আক্ৰমণত অধিকাংশ পৰ্যটক নিহত হয়। এই আক্ৰমণত কমেও ২৬জন লোক নিহত হোৱাৰ লগতে বহু লোক আহত হয়।
পাকিস্তান মিলিটাৰী একাডেমীত পাছ আউট পেৰেডত ভাষণ দি শ্বাহবাজ শ্বৰীফে কয় যে ভাৰতে কোনো বিশ্বাসযোগ্য তদন্ত বা পৰীক্ষাযোগ্য প্ৰমাণ অবিহনে পাকিস্তানৰ বিৰুদ্ধে ভিত্তিহীন আৰু ভুৱা অভিযোগ উত্থাপন কৰিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কয় যে দায়িত্বশীল দেশ হিচাপে নিজৰ ভূমিকা অব্যাহত ৰাখি পাকিস্তানে যিকোনো ন্যায্য, স্বচ্ছ আৰু বিশ্বাসযোগ্য তদন্তত অংশগ্ৰহণ কৰিবলৈ সাজু।
ইয়াৰ মাজতে শ্বাহবাজ শ্বৰীফে পুনৰবাৰ জম্মু-কাশ্মীৰৰ বিষয়টো উত্থাপন কৰে। তেওঁ কয়, “মই কাশ্মীৰৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিব লাগিব, যিদৰে জাতিটোৰ প্ৰতিষ্ঠাপক কোৱাইদ-ই-আজম মহম্মদ আলী জিন্নাই সঠিকভাৱে কৈছিল, কাশ্মীৰ হৈছে পাকিস্তানৰ জুগুলাৰ ভেইন।”
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পাকিস্তানে সদায় সন্ত্ৰাসবাদক সকলো ৰূপ আৰু প্ৰকাশভংগীৰে গৰিহণা দি আহিছে। পাকিস্তানক সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বৰ আগশাৰীৰ দেশ বুলি অভিহিত কৰি তেওঁ কয় যে আমি ৯০ হাজাৰ লোকৰ মৃত্যু আৰু ৬০০ বিলিয়ন ডলাৰৰ অধিক অৰ্থনৈতিক লোকচানকে ধৰি যথেষ্ট লোকচানৰ সন্মুখীন হ’লোঁ।
পেহেলগাম আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা তুংগত উপনীত হৈছে। নতুন দিল্লীয়ে ইছলামবাদৰ বিৰুদ্ধে কেইবাটাও কঠোৰ কূটনৈতিক আৰু কৌশলগত পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত ১৯৬০ চনৰ সিন্ধু জল সন্ধি তাৎক্ষণিকভাৱে স্থগিত ৰখা, আটাৰী সংহত চেক পোষ্ট বন্ধ কৰা, পাকিস্তানী নাগৰিকৰ ভিছা সেৱা তাৎক্ষণিকভাৱে বন্ধ কৰা আদি পদক্ষেপ আদি অন্যতম। ভাৰতৰ এই সিদ্ধান্তসমূহৰ পিছত পাকিস্তানে শিমলা চুক্তি স্থগিত ৰখা আৰু ভাৰতীয় বিমান সেৱাৰ বাবে আকাশমাৰ্গ বন্ধ কৰাৰ দৰে কিছু পদক্ষেপ গ্ৰহণ কৰিছে।