ভাৰতীয় ক্ৰিকেটপ্ৰেমীলৈ বিশেষ অফাৰ পাকিস্তান ক্রিকেট ব’র্ডৰ
🔹 আইচিচি চেম্পিয়নছ ট্রফী ক্রিকেট
নিউজ ডেস্ক, ৩ নৱেম্বৰ : অহা বছৰ পাকিস্তানে আয়োজন কৰিব আইচিচি চেম্পিয়নছ ট্ৰফী৷ ইতিমধ্যে পাকিস্তান ক্রিকেট ব’র্ডে ব্যাপক প্রস্তুতি আৰম্ভ কৰিছে৷ অৱশ্যে পাকিস্তানত এই প্রতিযোগিতাত ভাৰতৰ অংশগ্রহণক লৈ এতিয়াও অনিশ্চয়তা আছে৷ ভাৰতে হাইব্রিড মডেলৰ পৰামর্শ দিছে যদিও পাকিস্তান মান্তি হোৱা নাই৷ তাৰ বিপৰীতে পিচিবিয়ে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড আৰু ভাৰতীয় অনুৰাগীক আকর্ষণৰ বাবে নতুন নতুন পন্থা হাতত লৈছে৷ ইয়াৰ মাজতে পিচিবিৰ অধ্যক্ষ তথা ফেডাৰেল গৃহমন্ত্রী মহছিন নাকভিয়ে আইচিচি চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তান ভ্রমণ কৰিব বিচৰা ভাৰতীয় অনুৰাগীসকলৰ বাবে দ্রুত ভিছা জাৰি কৰা নীতিৰ প্রতিশ্রুতি দিছে৷ নাকভিয়ে কয়- ‘আমাৰ ওচৰত ভাৰতীয় অনুৰাগীসকলৰ বাবে টিকটৰ এক বিশেষ কোটা থাকিব আৰু আমি ভিছা জাৰি কৰাৰ নীতি ত্বৰান্বিত কৰিবলৈ চেষ্টা কৰিম৷’ তেওঁ লগতে কয় যে পিচিবিয়ে ভাৰতীয় অনুৰাগীসকলক পাকিস্তানলৈ অহাটো বিচাৰে আৰু লাহোৰত ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখন চোৱাটো কামনা কৰে৷ নাকভিয়ে কয় যে তেওঁ নিশ্চিত যে পাকিস্তানত অনুষ্ঠিত হ’লেও ভাৰতে চেম্পিয়নছ ট্ৰফীত অংশগ্রহণ কৰিব৷ তেওঁ কয়- ‘ভাৰতীয় দলটো আহিব লাগে৷ মই নাভাবোঁ যে তেওঁলোকে ইয়ালৈ অহাটো বাতিল বা স্থগিত ৰাখিব আৰু আমি নিশ্চিত যে আমি চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ অহা সকলো দলকে আতিথ্য দিম৷’