নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Attari-Wagah Border : নিজৰ দেশতে নিজা মানুহৰ প্ৰৱেশ নিষিদ্ধ পাকিস্তানৰ

পাকিস্তানে বন্ধ কৰিছে ৱাঘা সীমান্ত, পাকিস্তানৰ পৰা ভাৰতলৈ আহিছে ৯২৯জন নাগৰিক

নিউজ ডেস্ক, ১ মে’ : নিজৰ দেশতে নিজা মানুহৰ প্ৰৱেশ নিষিদ্ধ পাকিস্তানৰ। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছে। ভাৰত চৰকাৰে আজিৰ পৰা আটাৰী আন্তঃৰাষ্ট্ৰীয় সীমান্ত বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল যদিও এতিয়া মানৱীয় পদক্ষেপ গ্ৰহণ কৰি চৰকাৰে পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত অসামৰিক লোকৰ চলাচলৰ অনুমতি দিছে। অৰ্থাৎ যিসকল পাকিস্তানী এতিয়াও ভাৰতত আছে তেওঁলোকে নিজৰ দেশলৈ উভতি যাব পাৰে। এই সকলোবোৰৰ মাজতে পাকিস্তানে ৱাঘা সীমান্ত বন্ধ কৰি নিজৰ নাগৰিকক প্ৰৱেশ কৰিবলৈ দিয়া নাই।

আজি পুৱাৰে পৰা এজনো পাকিস্তানী নাগৰিকক নিজৰ দেশৰ সীমান্তত প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই। একে সময়তে ভাৰতে স্পষ্ট কৰি দিছে যে ভাৰতত আবদ্ধ হৈ থকা পাকিস্তানী নাগৰিকে পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত বৈধ ট্ৰেভেল ভিছা আৰু প্ৰয়োজনীয় নথিপত্ৰ লৈ নিজৰ দেশলৈ উভতি যাব পাৰিব। ভাৰতৰ এই পদক্ষেপ কেৱল কূটনৈতিক ভাৰসাম্যই নহয়, মানৱ অধিকাৰ সুৰক্ষাৰ নিদৰ্শন।

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ পিছত এতিয়ালৈকে পাকিস্তানৰ পৰা ভাৰতলৈ আহিছে ৯২৯জন নাগৰিক। ২৪ এপ্ৰিলত ২৮জন, ২৫ এপ্ৰিলত ১৯১জন, ২৬এপ্ৰিলত ৮১জন, ২৭ এপ্ৰিলত ২৩৭জন নাগৰিক, ২৮ এপ্ৰিলত ১৪৫জন, ২৯ এপ্ৰিলত ১০৪জন আৰু ৩০ এপ্ৰিলত ১৪০জন পাকিস্তানী নাগৰিক আট্টাৰী ৱাঘা সীমান্তৰ মাজেৰে গৈছে।

ভাৰতৰ এই কার্যৰ বাবে পাকিস্তানত শংকিত পৰিবেশ। চুবুৰীয়া দেশৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষা আৰু বৈদেশিক মন্ত্ৰীলৈকে সকলোৱে আমেৰিকা আৰু ৰাষ্ট্ৰসংঘৰ সন্মুখত কাতৰ অনুৰোধ জনাইছে। কালি পাকিস্তানী এয়াৰলাইন্সৰ বিমান সেৱাৰ বাবে ভাৰতে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিয়ে। চৰকাৰী বিষয়াগৰাকীয়ে কয় যে পাকিস্তানত পঞ্জীয়নভুক্ত বিমানৰ লগতে পাকিস্তানী বিমান সংস্থা আৰু পৰিচালকৰ দ্বাৰা পৰিচালিত, মালিকানাধীন বা লিজত লোৱা বিমানকো ভাৰতীয় আকাশমাৰ্গ উপলব্ধ নহ’ব।

ভাৰত আৰু পাকিস্তানৰ মাজত পোনপটীয়া বিমান সেৱা নাই। পাকিস্তানী বিমান সংস্থাসমূহে ছিংগাপুৰ, মালয়েছিয়া আৰু পূব এছিয়াৰ অন্যান্য দেশলৈ বিমান সেৱাৰ বাবে ভাৰতীয় আকাশমাৰ্গ ব্যৱহাৰ কৰে। পেহেলগাম আক্ৰমণৰ এদিন পিছত ২৩ এপ্ৰিলত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেতবোৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে, য’ত সিন্ধু জল সন্ধি স্থগিত ৰখা, আটাৰী ৱাগা সীমান্ত বন্ধ কৰা, কূটনৈতিক সম্পৰ্ক নিম্নগামী কৰাকে ধৰি কেইবাটাও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে।

You might also like