নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশত হিন্দু নিপীড়নৰ আঁৰত পাকিস্তানৰ হাত

🔹 ৰাষ্ট্রসংঘৰ হস্তক্ষেপ বিচাৰি প্রস্তাৱ গ্রহণ আৰএছএছৰ

নিউজ ডেস্ক, ২৩ মার্চ : নতুন বাংলাদেশত চৰম নির্যাতনৰ বলি হৈছে হিন্দু৷ দপদপনি বৃদ্ধি পোৱা মৌলবাদীৰ পৃষ্ঠপোষকতাত হিন্দুৰ মন্দিৰসমূহ ভাঙি পেলোৱা হৈছে৷ জেহাদী সংগঠনসমূহ সক্রিয় হৈ উঠিছে৷ শ্বেইখ হাছিনাক উৎখাতৰ পিছত গঠিত ন’বেল বঁটাপ্রাপক মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তর্ৱর্তীকালীন চৰকাৰৰ দিনত হিন্দুৰ ওপৰত অকথ্য নির্যাতন চলাই থকা হৈছে৷ বাংলাদেশৰ এনে পৰিস্থিতিক লৈ উদ্বিগ্ণতা প্রকাশ কৰি আৰএছএছে দেশখনত হিন্দুৰ নির্যাতন পাকিস্তানৰ ষড়যন্ত্র বুলি অভিহিত কৰিছে৷ বেংগালুৰুত অনুষ্ঠিত আৰএছএছৰ অখিল ভাৰতীয় প্রতিনিধি সভাত বাংলাদেশক লৈ এই উদ্বিগ্ণতা প্রকাশ কৰাৰ লগতে হিন্দু নির্যাতনৰ গৰিহণাৰ প্রস্তাৱ গ্রহণ কৰা হৈছে৷ তদুপৰি পাকিস্তানৰ ষড়যন্ত্রৰ অভিযোগেৰে ৰাষ্ট্রসংঘক হস্তক্ষেপৰো দাবী জনাইছে আৰএছএছে৷ আৰএছএছৰ সর্বোচ্চ নীতি নির্ধাৰণকাৰী এই অখিল ভাৰতীয় বৈঠকত মুৰব্বী মোহন ভাগৱতৰ লগতে শীর্ষ নেতাসকলে অংশগ্রহণ কৰিছে৷ ২১ মার্চৰ পৰা ২৩ মার্চলৈকে চলিবলগীয়া এই সভাত বাংলাদেশৰ হিন্দু নির্যাতন প্রসংগটোৱে সর্বাধিক গুৰুত্ব লাভ কৰে৷ এই বৈঠকত গ্রহণ কৰা প্রস্তাৱ অনুসৰি বাংলাদেশত ইছলামিক চৰম পন্থা ব্যাপক হাৰত বৃদ্ধি পাইছে৷ যাৰ ফলত হিন্দু আৰু অন্যান্য সংখ্যালঘু সম্প্রদায় হিংসা, অত্যাচাৰ, অবিচাৰৰ বলি হৈছে৷ চৰকাৰ থকাৰ পিছতো নির্বিঘ্ণে হিন্দুৰ মঠ–মন্দিৰ ধ্বংস কৰা হৈছে৷ মহিলাৰ ওপৰত দলবদ্ধ ধর্ষণ কৰা হৈছে৷ হিন্দু সম্প্রদায়ৰ লগতে অন্যান্য সংখ্যালঘু লোকৰ বাসগৃহত লুটপাত চলোৱা হৈছে৷ উল্লেখ্য যে পাকিস্তানৰ বাবেই বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰ চলাই থকা বুলি আৰএছএছে স্পষ্টভাৱে প্রকাশ কৰিছে৷ শ্বেইখ হাছিনাৰ কার্যকালত বাংলাদেশৰ বাবে ভাৰত বন্ধু আছিল৷ কিন্তু এতিয়া ইউনুছৰ শাসনকালত পাকিস্তান বন্ধু হৈ ভাৰতৰ প্রতি বিদ্বেষ ভাব প্রকাশ কৰিছে বাংলাদেশে৷ উল্লেখ্য যে ৰাষ্ট্রসংঘৰ প্রতিবেদন মতে, ২০২৪ চনৰ ৫ আগষ্টৰ পৰা ২০২৫ চনৰ ১৬ ফেব্রুৱাৰীলৈ ২,৩৭৪টা সংখ্যালঘু নির্যাতনৰ গোচৰ ৰুজু হৈছে৷

You might also like