আমেৰিকাৰ বাবে আটাইতকৈ বিপজ্জনক পাকিস্তান, মার্কিন ৰাষ্ট্রপতি ট্রাম্পলৈ সতর্কবাণী চোৰাংচোৱাৰ
ডিজিটেল ডেস্ক, ২০ মার্চ : মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ইৰানত চলি থকা যুদ্ধখন কেইদিনমানৰ ভিতৰতে সমাপ্ত হ’ব বুলি ঘোষণা কৰিছিল যদিও যুদ্ধ আৰম্ভ হোৱাৰ প্রায় ৩ সপ্তাহ পিছতো তাৰ কোনো লক্ষণ দেখিবলৈ পোৱা নাই৷ পাৰমাণৱিক অস্ত্র ইৰানে নির্মাণ কৰাৰ আশংকাত মধ্যপ্রাচ্যৰ দেশখনত ভয়ংকৰ আক্রমণ চলাই গৈছে আমেৰিকা আৰু ইজৰাইলে৷ কিন্তু ইৰানৰ সমানেই বিপজ্জনক হৈ উঠিছে পাকিস্তান৷ এই কথা জনাইছে যে মার্কিন চোৰাংচোৱাৰ সংস্থাৰ মুৰব্বী তুলসী গেবার্ডে৷ তেওঁৰ মতে যোৱা কেইবাবছৰো ধৰি খৰখেদাকৈ মিছাইল তৈয়াৰ কৰিছে পাকিস্তানে৷ বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্র ভাণ্ডাৰো৷ আগন্তুক দিনত আমেৰিকাৰ ওপৰতো আক্রমণ কৰাৰ ক্ষমতা অর্জন কৰিব পাৰে পাকিস্তানে৷ এই সাৱধাণ বাণী শুনাইছে গেবার্ডে৷ এই সন্দর্ভত তেওঁ জনায় ‘ যোৱা কেইবাবছৰ ধৰি ইৰান, চীন, ৰাছিয়া, উত্তৰ কোৰিয়াৰ দৰে দেশসমূহে নিজৰ অস্ত্র ভাণ্ডাৰ ভালেখিনি উন্নত কৰিছে৷ বিশেষকৈ মিছাইল বিভাগক আৰু অধিক শক্তিশালী কৰি তুলিছে এই দেশসমূহে৷ পূব এছিয়াৰ পৰাও যেন আমেৰিকা পর্যন্ত ঢুকি পাব পাৰে এনেধৰণৰ শক্তিশালী মিছাইল তৈয়াৰ কৰিছে দেশসমূহে৷’ এই শক্তিশালী মিছাইলসমূহৰ অধিকাংশই পাৰমাণৱিক৷ প্রত্যেকখন দেশৰ সৈতে পাকিস্তানৰ নামো উল্লেখ কৰে গেবার্ডে৷ তেওঁ স্পষ্টভাৱে জনাই যে পাকিস্তানৰ পাৰমাণৱিক অস্ত্র ভাণ্ডাৰক লৈও সতর্ক থকা উচিত আমেৰিকা৷ মার্কিন চোৰাংচোৱাপ্রধানগৰা মতে আগন্তুক দিনত আমেৰিকাক লক্ষ্য কৰি আৰু অধিক আক্রমণ কৰিব পাৰে ‘শত্রু’ দেশসমূহে৷ চোৰাংচোৱা বিভাগৰ পৰিসংখ্যা অনুযায়ী বর্তমান আমেৰিকাৰ ওপৰত আক্রমণ চলোৱাৰ ক্ষমতা আছে ৩০০০ মিছাইলৰ৷ কিন্তু আগন্তুক ৯ বছৰৰ ভিতৰত সেই সংখ্যা হ’বগৈ ১৬ হাজাৰ৷ যোৱা কেইটামান বছৰত পাকিস্তানৰ অস্ত্র ভাণ্ডাৰ কিমানখিনি বৃদ্ধি পাইছে সেই সন্দর্ভত নিমাত গেবার্ড৷