নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪টা ইছ্যুত নিৰপেক্ষ স্থানত ভাৰতৰে আলোচনা বিচাৰে পাকিস্তানে

🔹 ৪টা ইছ্যুত নিৰপেক্ষ স্থানত ভাৰতৰে আলোচনা বিচাৰে পাকিস্তানে

🔹 পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফৰ বার্তা

নিউজ ডেস্ক, ২৩ মে’ : ভাৰতীয় সেনাই অপাৰেচন সিন্দূৰেৰে পাকিস্তানক ভাৰতৰ ওচৰত আঁঠু ল’বলৈ বাধ্য কৰাইছে৷ কূটনৈতিক কঠোৰ সিদ্ধান্ত আৰু অপাৰেচন সিন্দূৰেৰে সন্ত্রাসবাদী ৰাষ্ট্র পাকিস্তানক ভাৰতে থকা–সৰকা কৰাৰ পাছত বিতত পাকিস্তানে ভাৰতৰ সৈতে আলোচনা বিচাৰিছে৷ স্বয়ং পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফে ভাৰতৰ সৈতে আলোচনাৰ বাবে আগ্রহ প্রকাশ কৰিছে৷ পাকিস্তানৰ সংবাদ মাধ্যমত প্রধানমন্ত্রী শ্বৰীফে ভাৰতৰ সৈতে আলোচনাৰ বাবে আগ্রহী বুলি এক সাক্ষাৎকাৰত প্রকাশ কৰিছে৷ পাক প্রধানমন্ত্রীগৰাকীয়ে ভাৰতৰ সৈতে ৪টা বিষয়ত আলোচনা কৰাৰ আগ্রহ প্রকাশ কৰাৰ লগতে নিৰপেক্ষ স্থানত দুয়োখন দেশৰ মাজত এই আলোচনাত বহাৰ ইচ্ছা ব্যক্ত কৰিছে৷ সন্ত্রাসবাদৰ পৃষ্ঠপোষক পাকিস্তানৰ সৈতে ভাৰতে দ্বিপাক্ষিক বৈঠক কিম্বা শান্তি আলোচনা নকৰে বুলি নতুন দিল্লীয়ে বাৰম্বাৰ বার্তা দি আহিছে৷ পেহেলগামত পাক সন্ত্রাসবাদীয়ে চলোৱা নৰসংহাৰৰ প্রতিশোধকল্পে ভাৰতীয় সেনাই পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত ৯টা সন্ত্রাসবাদীৰ ঘাটিত অপাৰেচন সিন্দূৰেৰে আক্রমণ চলাই বিধ্বস্ত কৰাৰ সমান্তৰালকৈ পাকিস্তানৰ ভিতৰলৈ গৈ দেশখনৰ বায়ুসেনা ঘাটিত মিছাইল আক্রমণ কৰিছে৷ ইয়াৰ পাছতে পাকিস্তানৰ পৰিৱেশ সলনি হৈছে আৰু পাকিস্তানৰ প্রধানমন্ত্রীগৰাকীয়ে ৪টা বিষয়ত নতুন দিল্লীৰ সৈতে আলোচনাৰ প্রস্তাৱ আগবঢ়াইছে৷ পাক প্রধানমন্ত্রীগৰাকীয়ে কাশ্মীৰ, জল, বাণিজ্য আৰু সন্ত্রাসবাদ সন্দর্ভত আলোচনাৰ প্রস্তাৱ আগবঢ়াই নিৰপেক্ষ স্থানো নির্ধাৰণ কৰিছে৷ পাকিস্তানে ছৌদি আৰব নতুবা ইংলেণ্ডত দুয়োখন দেশৰ এই আলোচনা অনুষ্ঠিত কৰিবৰ বাবে আগ্রহ প্রকাশ কৰিছে৷ মন কৰিবলগীয়া যে ২২ এপ্রিলত পেহেলগামত পাক সন্ত্রাসবাদীয়ে আক্রমণ চলোৱাৰ পাছত ভাৰতে পাকিস্তানৰ সৈতে সিন্ধু জল চুক্তি স্থগিত ৰাখে৷ সিন্ধু জল চুক্তি স্থগিত ৰখাৰ পাছত পাকিস্তান সংকটত পৰিছে৷ অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জল আৰু ৰক্ত একেলগে নবয় বুলি পাকিস্তানক সতর্ক কৰি দিছিল৷ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি চলি আছে যদিও নতুন দিল্লীয়ে এতিয়াও সিন্ধু জল চুক্তি স্থগিতৰ সিদ্ধান্ত বাহাল ৰাখিছে৷ ইয়াৰ পৰিপ্রেক্ষিততে পাকিস্তানৰ প্রধানমন্ত্রীগৰাকীয়ে ভাৰতৰ সৈতে জলক সাঙুৰি ৪টা বিষয়ত আলোচনাৰ প্রস্তাৱ আগবঢ়াইছে৷ স্মর্তব্য যে ভাৰতে পাকিস্তানৰ সৈতে কেৱল সন্ত্রাসবাদক লৈহে আলোচনাৰ দৃঢ় স্থিতিত অটল আছে৷ পাক প্রধানমন্ত্রীৰ বাকী তিনিটা বিষয়ক লৈ নতুন দিল্লীয়ে আলোচনাৰ বাবে আগ্রহ প্রকাশ কৰা নাই৷

জম্মু–কাশ্মীৰত সন্ত্রাসবাদী–নিৰাপত্তা বাহিনীৰ সংঘর্ষ : জোৱান শ্বহীদ | Security forces clash with terrorists in Jammu and Kashmir

পেহেলগামত পাক সন্ত্রাসবাদীয়ে নৰসংহাৰ চলোৱাৰ পাছত জম্মু–কাশ্মীৰত বিভিন্ন পর্যায়েৰে সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে নিৰাপত্তা বাহিনীয়ে ৷ পেহেলগামৰ সন্ত্রাসবাদী আক্রমণৰ পাছত জম্মু–কাশ্মীৰ আৰক্ষীয়ে চিনাক্ত কৰা ১৪ দুর্ধর্ষ সন্ত্রাসবাদীৰ ভিতৰত ইতিমধ্যে নিৰাপত্তা বাহিনীয়ে ৬টাক হত্যা কৰিবলৈ সক্ষম হৈছে৷ কেন্দ্রীয়শাসিত অঞ্চলটোত সন্ত্রাসবাদীয়ে আত্মগোপন কৰিব পৰা স্থানসমূহত বিশেষ সূত্রৰ আধাৰত নিৰাপত্তা বাহিনীয়ে অভিযান চলাই আছে৷ কেন্দ্রীয়শাসিত অঞ্চলটোৰ কিচটৱাৰ জিলাৰ চাট্রু অঞ্চলত সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান চলাওঁতেই নিৰাপত্তা বাহিনী আৰু সন্ত্রাসবাদী গোটৰ মাজত তুমুল সংঘর্ষ হয়৷ অপাৰেচন ট্রাচী নামেৰে চলোৱা সন্ত্রাসবিৰোধী এই অভিযানত কালি কিচটৱাৰত হোৱা সংঘর্ষত এজন জোৱান শ্বহীদ হয় ৷ তথ্য মতে, কিচটৱাৰৰ চাট্রু অঞ্চলত সন্ত্রাসবাদীৰ সৈতে সংঘর্ষত এজন জোৱান গুৰুতৰভাৱে আহত হয়৷ জোৱানজনক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্রেৰণ কৰা হয় যদিও জোৱানজনে মৃত্যুক সাবটি লয়৷ ভাৰতীয় সেনা আৰু জম্মু–কাশ্মীৰ আৰক্ষীৰ এই যৌথ অভিযানত দুই সন্ত্রাসবাদী নিহত হৈছে৷ সংঘর্ষস্থলীৰ চৌপাশ ঘেৰি ৰাখি নিৰাপত্তা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে৷

You might also like