নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হজযাত্রাৰ নামত ভিক্ষাৰী প্রেৰণ বন্ধ কৰক পাকিস্তানে

🔹 ক্ষুব্ধ ছৌদি আৰব : ইছলামাবাদ প্রশাসনলৈ কঠোৰ পত্র

নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ : হাজাৰ হাজাৰ পাকিস্তানী ভিক্ষাৰীৰে ভৰি পৰিছে ছৌদি আৰব৷ হজযাত্রাৰ নামত আৰবত প্রৱেশ কৰিছে এই ভিক্ষাৰী দলবোৰে৷ ইয়াক লৈ ক্ষুব্ধ হৈ পৰিছে ছৌদি প্রশাসন৷ এই বিষয়টোক লৈ পাকিস্তানলৈ কঠোৰ পত্র প্রেৰণ কৰিছে ছৌদি আৰব চৰকাৰে৷ এই পত্রত জনোৱা হৈছে যে তীর্থযাত্রীৰ নামত ভিক্ষাৰী পঠিওৱা প্রক্রিয়া শীঘ্রে বন্ধ কৰিব লাগিব পাকিস্তানে৷ অন্যথা পাকিস্তানী এই ভিক্ষাৰীবোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিব ছৌদি আৰবে৷ যোৱা মঙলবাৰে পাকিস্তানৰ সংবাদ মাধ্যমত প্রকাশ পাইছে এই সম্পর্কীয় এক প্রতিবেদন৷ প্রতিবেদনত উল্লেখ কৰা হৈছে যে ছৌদি হজ মন্ত্রালয়ৰ তৰফৰ পৰা পাকিস্তানলৈ এই পত্র প্রেৰণ কৰা হৈছে৷ পত্রখনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে উমৰাহ ভিছাক হাতিয়াৰ কৰি ভিক্ষাৰী প্রেৰণ কৰা বন্ধ কৰিব লাগিব পাকিস্তানে৷ অন্যথা আগন্তুক দিনত পাকিস্তানৰ নাগৰিকসকলে ছৌদি আৰবলৈ হজ কৰিবলৈ যোৱাৰ ক্ষেত্রত সমস্যাৰ সন্মুখীন হ’ব৷ সূত্রই সদৰী কৰা অনুসৰি, ছৌদি আৰবৰ পৰা এই কঠোৰ পত্র লাভ কৰাৰ পাছতে ভিক্ষাৰী সমস্যাৰ মোকাবিলা কৰিবলৈ দেশত নতুন আইন প্রণয়নৰ চিন্তাচর্চা চলাইছে পাকিস্তান চৰকাৰে৷ সাধাৰণতে পাকিস্তানৰ বিভিন্ন পর্যটন সংস্থাই দেশখনৰ নাগৰিকসকলক উমৰাহ কৰিবলৈ প্রেৰণ কৰে৷ এইবাৰ তেওঁলোকক প্রত্যক্ষভাৱে আইনৰ আওতালৈ অনাৰ পৰিকল্পনা কৰিছে চৰকাৰে৷ হজত ভিক্ষাৰী সমস্যা প্রতিৰোধ কৰিবলৈ চলিত বর্ষৰ মে’ মাহত ফতোৱা জাৰি কৰিছিল ছৌদি আৰব প্রশাসনে৷ এই ফতোৱাত উল্লেখ কৰা হৈছে যে অনুমোদন অবিহনে ছৌদি আৰবত কোনেও হজ কৰিব নোৱাৰিব৷ অবৈধভাৱে যদি কোনো লোকে ছৌদি আৰবলৈ হজ কৰিবলৈ যায়, তেন্তে ১০ হাজাৰ ৰিয়াল জৰিমণা বিহা হ’ব৷ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ২ লাখ ২২ হাজাৰ টকা৷ অবৈধভাৱে কোনো লোকে প্রৱেশ কৰিলে তাৎক্ষণিকভাৱে তেওঁলোকক বিতাড়ন কৰা হ’ব বুলিও ছৌদি আৰবে ঘোষণা কৰিছে৷ যোৱা বছৰ এক আন্তর্জাতিক প্রতিবেদনত প্রকাশ পাইছিল যে ছৌদিত যিমানসংখ্যক ভিক্ষাৰী গ্রেপ্তাৰ হৈছে, তাৰ ৯০ শতাংশই পাকিস্তানী৷

You might also like