নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানী ক্রিকেটাৰৰ বিৰুদ্ধে বেট চুৰিৰ অভিযোগ

🔹 টি–২০ বিশ্বকাপৰ সময়ত ঘটিছিল এই কাণ্ড

নিউজ ডেস্ক, ২৩ মার্চ : বিগত বর্ষৰ জুন মাহত আমেৰিকাত টি–২০ বিশ্বকাপ খেলিবলৈ গৈ এখন দোকানৰ পৰা তিনিখন বেট কিনিছিল পাকিস্তানৰ এজন ক্রিকেটাৰে৷ অভিযোগ অনুসৰি, ৯ মাহৰ পিছতো বেটকেইখনৰ পইচা দিয়া নাই তেওঁ৷ পাকিস্তানৰ এজন সাংবাদিকে সামাজিক মাধ্যমত দিয়া এটি পোষ্টৰ জৰিয়তে এই বিষয়টো পোহৰলৈ আহিছে৷ জানিব পৰা মতে, সেই সময়ত নিউ জার্ছীত খেলৰ সামগ্রীৰ এখন দোকানলৈ গৈছিল বাবৰ আজমৰ এজন সতীর্থ৷ ইলিংছ উইলোৰে তৈয়াৰ কৰা তিনিখন বেটৰ অর্ডাৰ দিয়ে ক্রিকেটাৰজনে৷ সেই অনুসৰি, পাকিস্তানৰ দলটো থকা হোটেললৈ সংশ্লিষ্ট ক্রিকেটাৰজনৰ ওচৰলৈ তিনিখন বেট পঠিয়াই দিয়ে দোকানৰ স্বত্বাধিকাৰীয়ে৷ বেট হাত পৰিলেই মূল্য দিব বুলি জনাইছিল যদিও সেই সময়ৰ পৰা দোকানৰ স্বত্বাধিকাৰীৰ ফোন ধৰা নাই ক্রিকেটাৰজনে৷ তিনিখন বেটৰ বাবে তেওঁ এপইচাও দিয়া নাই বুলি জানিব পৰা গৈছে৷ পাকিস্তানৰ ক্রীড়া সাংবাদিক ৱাহিদ খানে সামাজিক মাধ্যমত এই খবৰ প্রকাশ কৰাৰ পিছতে তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ অৱশ্যে তেওঁ অভিযুক্ত ক্রিকেটাৰজনৰ নাম প্রকাশ কৰা নাই৷ তেওঁ আশা প্রকাশ কৰিছে যে পাক ক্রিকেটাৰজনে শীঘ্রে নিউ জার্ছীৰ অভিযোগকাৰী দোকানখনক বেটৰ মূল্য আদায় দিব৷ ক্রিকেট অনুৰাগীসকলৰ একাংশই পাকিস্তানৰ ক্রিকেটাৰৰ মানসিকতাক লৈ প্রশ্ণ উত্থাপন কৰিছে৷ একাংশই তেওঁলোকক চোৰ বুলিও অভিহিত কৰিছে৷

You might also like