নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহলিৰ সৈতে ফটো উঠাৰ বাবে শাৰী পাতিলে পাক ক্রিকেটাৰে

🔹 আইচিচি চেম্পিয়নছ ট্রফীত টীম ইণ্ডিয়াৰ হাতত পৰাস্ত

নিউজ ডেস্ক, ২৫ ফেব্রুৱাৰী : চেম্পিয়নছ ট্রফীৰ হাইভল্টেজ মেচখনত বিৰাট কোহলিৰ দুর্দান্ত অপৰাজিত শতকত পৰাজয় স্বীকাৰ কৰিলে পাকিস্তানে৷ মেচখনত পৰাস্ত হৈ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ পৰা বিদায় লোৱাটো নিশ্চিত হৈ পৰে আয়োজক দেশখনৰ৷ মেচখনত পৰাজিত হ’লেও পাকিস্তানৰ শিবিৰৰ নায়ক হৈ পৰে কিং কোহলি৷ দেওবাৰে ডুবাইত অনুষ্ঠিত বহু প্রতীক্ষিত মেচখনত ভাৰতীয় দলৰ হাতত পৰাজয়ৰ পিছত কোহলিৰ সৈতে ফটো উঠিবলৈ শাৰী পাতিছিল মহম্মদ ৰিজৱান নেতৃত্বাধীন পাকিস্তান দলটোৰ সদস্যসকলে৷ মেচখনত পৰাস্ত হ’লেও তেওঁলোকে কোহলিৰে ফটো উঠাৰ সুযোগ হেৰুৱাব বিচৰা নাছিল৷ পাক দলটোৰ কেইবাগৰাকীও ক্রিকেটাৰে হাঁহি হাঁহি কোহলিৰ সৈতে ফটো উঠা দেখা গৈছিল৷ ডুবাইৰ খেলপথাৰত টীম ইণ্ডিয়াৰ তাৰকা ক্রিকেটাৰগৰাকীৰ সৈতে ফটো উঠিবলৈ শাৰী পাতি থিয় হৈছিল ৰিজৱানৰ সতীর্থসকলে৷ এই শাৰীত পাকিস্তানৰ প্রশিক্ষক ষ্টাফৰ কেইবাজনো সদস্যকো দেখা গৈছিল৷ অৱশ্যে কোহলিয়ে পাক দলটোৰ সদস্যৰ অনুৰোধ ৰক্ষা কৰিলে৷ হাঁহি হাঁহি তেওঁ সকলোৰে লগত ফটো উঠিলে৷ পাকিস্তানী ক্রিকেটাৰসকলৰ ‘ফেন বয়’ মুহূর্তৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত মুহূর্ততে ভাইৰেল হৈ পৰে৷

You might also like