নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলত অসন্তুষ্টি : তিনি মাহ ধৰি বেতন পোৱা নাই পাক খেলুৱৈয়ে

নিউজ ডেস্ক, ৪ অক্টোবৰ : ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে সাজু হৈছে পাকিস্তান ক্রিকেট দলটো৷ ইফালে, ৰাষ্ট্রীয় শিবিৰটোত অংশগ্রহণ কৰা ক্রিকেটাৰসকলৰ মাজত অসন্তুষ্টি বৃদ্ধি পাইছে৷ অভিযোগ অনুসৰি পাকিস্তান ক্রিকেট ব’র্ডে খেলুৱৈসকলক মাহিলি দৰমহা সঠিকভাৱে প্রদান কৰা নাই৷ প্রতিটো মাহতে ক্রিকেটাৰসকলৰ দৰমহা সময় মতে দিব পৰা নাই পিচিবিয়ে৷ সূত্র অনুসৰি, পিচিবিয়ে কেন্দ্রীয় চুক্তিৰ অধীনত ক্রিকেটাৰসকলক দৰমহা আৰু বিজ্ঞাপনৰ ৰাজহৰ অংশ প্রদান কৰা নাই৷ ক্রিকেটাৰসকলৰ তিনি মাহৰ দৰমহা দিবলৈ বাকী আছে৷ ক্রিকেটাৰসকলে অপেক্ষা কৰি বিৰক্ত হৈছে৷ ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূর্ণ টেষ্ট শৃংখলাত এই পৰিস্থিতিৰ প্রভাৱ পৰিব বুলি আশংকা কৰা হৈছে৷ চুক্তি অনুসৰি বাবৰ আজম, মহম্মদ ৰিজৱান আৰু শ্বাহিন আফ্রিদীয়ে মাহে সর্বাধিক ৪৫ লাখ টকা লাভ কৰে৷ ইয়াৰ উপৰি জার্ছীত থকা ল’গ’ৰ পৰা পিচিবিয়ে লাভ কৰা ধনৰ তিনি শতাংশ আৰু আন্তঃৰাষ্ট্রীয় ক্রিকেট পৰিষদৰ পৰা লাভ কৰা লভ্যাংশৰ এটা অংশ চুক্তিবদ্ধ খেলুৱৈক প্রদান কৰে৷ ২০২৩–২০২৪ ছিজনৰ বাবে আইচিচিৰ লভ্যাংশৰ বাবে ক্রিকেটাৰসকলে প্রায় ১৫ লাখ টকা পোৱাৰ কথা৷ পিচিবিৰ এজন বিষয়াই কয় যে ক্রিকেটাৰসকলক দৰমহাৰ ধন প্রদান নকৰাৰ কাৰণ হ’ল- অহা বছৰৰ চেম্পিয়নছ ট্ৰফীৰ বাবে কৰাচী, লাহোৰ আৰু ৰাৱালপিণ্ডি ষ্টেডিয়ামত সংস্কাৰৰ কাম চলি আছে৷ ইয়াৰ বাহিৰেও পিচিবিৰ আন খৰচ বহু বাঢ়িছে৷ সেইবাবেই অলপ দেৰি হৈছে৷ ক্রিকেটাৰসকলৰ সকলো ধন অক্টোবৰৰ ভিতৰত প্রদান কৰা হ’ব৷ কেন্দ্রীয় চুক্তিৰ সৈতে জড়িত বিভিন্ন বিষয়ক লৈ পিচিবি আৰু পাকিস্তানৰ ক্রিকেটাৰসকলৰ মাজত মতানৈক্য নতুন নহয়৷ যোৱা এদিনীয়া বিশ্বকাপৰ পূর্বেও সমস্যাৰ সৃষ্টি হৈছিল৷ সময় মতে কেন্দ্রীয় চুক্তি সম্পাদন নকৰাৰ অভিযোগ উত্থাপন হৈছিল পিচিবিৰ বিষয়াসকলৰ বিৰুদ্ধে৷

You might also like