নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত পাকিস্তানৰ ‘মেডাম এন’ -ৰ ষড়যন্ত্রৰ জাল

🔹 ভাৰতত পাকিস্তানৰ ‘মেডাম এন’ -ৰ ষড়যন্ত্রৰ জাল

🔹 ৰহস্যময়ী মহিলাই আইএছআইত নিয়োজিত কৰাইছে ইউটিউবাৰক

নিউজ ডেস্ক, ৬ জুন : ভাৰত–পাকিস্তানৰ উত্তেজনাৰ মাজতে যোৱা এমাহ ধৰি গ্রেপ্তাৰ হৈছে এজনৰ পিছত এজনকৈ ‘পাকিস্তানী চোৰাংচোৱা’৷ এই চোৰাংচোৱাসকলৰ কোনোবা যদি জনপ্রিয় ইউটিউবাৰ, কোনোবা আকৌ চৰকাৰী বিষয়া৷ আনকি চিআৰপিএফ জোৱানো পাকিস্তানক গুৰুত্বপূর্ণ তথ্য যোগান ধৰাৰ অভিযোগত গ্রেপ্তাৰ হৈছে৷ ইয়াৰ মাজতে এইবাৰ সন্ধান পোৱা গ’ল ‘মেডাম এন’ৰ৷

পাকিস্তানৰ লাহোৰৰ এই ব্যৱসায়ীৰ কামেই আছিল ভাৰতৰ ইউটিউবাৰ তথা ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰসকলক কৌশলেৰে পাকিস্তানৰ হৈ চোৰাংচোৱা বৃত্তিত নিয়োজিত কৰা৷ এই চাঞ্চল্যকৰ অভিযোগে এতিয়া সংবাদ মাধ্যমত সৃষ্টি কৰিছে ধুমুহা৷ এন ডি টিভিৰ এক প্রতিবেদনত ‘মেডাম এন’ৰ বিষয়টো পোহৰলৈ আহিছে৷ পাকিস্তানী এই মহিলাগৰাকীৰ সম্পূর্ণ নাম নোছাবা শ্বেহজাদ৷ লাহোৰৰ এটা ভ্রমণ সংস্থাৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰি আহিছে মহিলাগৰাকীয়ে৷

মেডাম এন নামেৰে পৰিচিত এই মহিলাগৰাকীৰ জৰিয়তে পাকিস্তান ভ্রমণৰ সুযোগ লাভ কৰিছিল ইতিমধ্যে গ্রেপ্তাৰ হোৱা ভাৰতীয় ইউটিউবাৰসকলে৷ জ্যোতি মালহোত্রাৰ দৰে ইউটিউবাৰসকলক পাকিস্তান ভ্রমণত সহায় কৰিছিল মহিলাগৰাকীয়ে৷ গ্রেপ্তাৰ হোৱা ইউটিউবাৰসকলক জেৰা কৰাৰ পিছত এই ৰহস্যময়ী নাৰীৰ কথা পোহৰলৈ আহিছে৷

এন ডি টিভিৰ সূত্রই সদৰী কৰা অনুসৰি মেডাম এন-এ ৫০০ পাকিস্তানী চোৰাংচোৱাৰ এক শ্লিপাৰ চেল গঢ়ি তোলাৰ চেষ্টা চলাইছিল৷ ইয়াৰ জৰিয়তে ভাৰতৰ বিভিন্ন প্রান্তৰ পৰা পাকিস্তানলৈ গুৰুত্বপূর্ণ গোপন তথ্যৰ যোগান বৃদ্ধি কৰাৰ সংকল্প লৈছিল মহিলাগৰাকীয়ে৷ এই মহিলাগৰাকীয়ে পাকিস্তান ভ্রমণ কৰা ভাৰতীয়সকলক দেশখনৰ সেনা আৰু আই এছ আইৰ বিষয়াৰ সৈতে পৰিচয় কৰাই দিয়ে৷ স্মর্তব্য যে যোৱা ছমাহত এই মহিলাগৰাকীয়ে প্রায় ৩,০০০ ভাৰতীয়ক পাকিস্তান ভ্রমণৰ ক্ষেত্রত সহায় কৰিছিল৷

You might also like