নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উগ্রপন্থী নেতাৰে বার্তালাপ অলিম্পিকত স্বৰ্ণজয়ী পাকিস্তানৰ আর্শ্বাদৰ

🔹 ভাইৰেল ভিডিঅ’ক লৈ বিশ্বজুৰি চাঞ্চল্য

নিউজ ডেস্ক, ১৬ আগষ্ট : সদ্যসমাপ্ত পেৰিছ অলিম্পিকত স্বর্ণ জয় কৰি নিশাৰ ভিতৰতে তাৰকা হিচাপে পৰিগণিত হয় পাকিস্তানৰ জেভলিন থ্র’ৱাৰ আর্শ্বাদ নাদিম৷ অলিম্পিকত অভিলেখ গঢ়ি আর্শ্বাদে জেভলিনত স্বর্ণ জয় কৰে৷ পেৰিছৰ পৰা স্বদেশত উপস্থিত হোৱা আর্শ্বাদক বিৰোচিত সন্মানেৰে আদৰণি জনায় পাকিস্তানৰ জনতাই৷ এই অনন্য সাফল্যৰ বাবে পাকিস্তান চৰকাৰে তেওঁক বঁটা প্রদান কৰিছে৷ দেশখনত চলি থকা আনন্দোৎসৱৰ মাজতে এক বিতর্কত সাঙোৰ খাই পৰিছে অলিম্পিক চেম্পিয়ন আর্শ্বাদ নাদিম৷ পাকিস্তানলৈ উভতি অহাৰ পাছত বহু লোকে আর্শ্বাদক লগ কৰে৷ স্বর্ণজয়ী আর্শ্বাদেও কেইবাটাও সংবাদ মাধ্যমৰে বার্তালাপত ভাগ লয়৷ অলিম্পিকৰ স্বর্ণপদক বিজয়ীগৰাকীয়ে নিষিদ্ধ উগ্রপন্থী সংগঠনৰ সদস্যৰে বার্তালাপ কৰাৰ এক ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বিতর্ক সৃষ্টি হোৱাৰ লগতে বিশ্বজুৰি চাঞ্চল্যৰো সৃষ্টি হৈছে৷ এক অনুষ্ঠানত আর্শ্বাদ নাদিমক লস্কৰ–ই–তৈবাৰ নেতাৰ সৈতে বার্তালাপ কৰা দেখা গৈছে৷ মার্কাজী মুছলিম লীগৰ সদস্য মহম্মদ হেৰিছ ধৰৰ সৈতে কথা পাতি থকা দেখা গৈছে আর্শ্বাদ নাদিমক৷ নিষিদ্ধ উগ্রপন্থী সংগঠন লস্কৰ–ই–তৈবাৰ ৰাজনৈতিক শাখা হৈছে মার্কাজী মুছলিম লীগ৷ সেই মার্কার্জী মুছলিম লীগৰ যুটীয়া সম্পাদক মহম্মদ হেৰিছ ধৰ৷ সেই হিচাপে তেওঁ লস্কৰ–ই–তৈবাৰ সদস্যও৷ আর্শ্বাদৰ এই ভিডিঅ’টো চোৱাৰ পিছত বহুতে দাবী কৰিছে যে অলিম্পিক চেম্পিয়নগৰাকীয়ে এই ব্যক্তিজনক বহুদিনৰ পৰাই চিনি পায়৷ আর্শ্বাদে যিদৰে কথা পাতি আছিল, বহুতে ভাবে যে তেওঁৰ উগ্রপন্থী নেতাজনৰ লগত গাঢ় সম্পর্ক আছে৷ অৱশ্যে এই সন্দর্ভত এতিয়ালৈকে কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই সদ্যসমাপ্ত পেৰিছ অলিম্পিকৰ জেভলিনত স্বর্ণজয়ী আর্শ্বাদ নাদিমে৷ উগ্রপন্থী নেতা মহম্মদ হেৰিছ ধৰ আৰু আর্শ্বাদ নাদিমৰ সাক্ষাতৰ ভিডিঅ’টো তৎমুহূর্ততে ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত৷ ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে ইউজাৰে টার্গেট কৰিছে টকিঅ’ অলিম্পিকৰ স্বর্ণজয়ী তথা সদ্যসমাপ্ত পেৰিছ অলিম্পিকত ৰূপ জয়ী ভাৰতৰ তাৰকা জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাক৷ কেৱল এয়াই নহয়, নীৰজ চোপ্রাক আর্শ্বাদ নাদিমৰ পৰা আঁতৰিও থাকিবলৈ পৰামর্শ দিছে একাংশ লোকে৷ মন কৰিবলগীয়া যে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ একাংশই নাদিমে পাকিস্তানলৈ উভতি অহাৰ পিছত দুয়োৰে মাজত হোৱা বৈঠক বুলি দাবী কৰিছে৷ কেমেৰাত বন্দী হোৱা এই পাৰস্পৰিক ক্রিয়াকলাপটো পেৰিছ অলিম্পিকত আর্শ্বাদে স্বর্ণ পদক লাভ কৰাৰ পিছত সংঘটিত হৈছিল নে তাৰ আগতে হৈছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ উল্লেখ্য যে মহম্মদ হেৰিছ ধৰক আমেৰিকাই সন্ত্রাসবাদী হিচাপে চিহ্ণিত কৰিছে৷

You might also like