নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ প্রত্যাঘাতৰ পিছতে পাকিস্তান-ৰ শ্বেয়াৰ বজাৰত হাহাকাৰ

🔹 ‘অপাৰেচন সিন্দূৰ’-এ ৰক্তক্ষৰণ ঘটালে পাক অর্থনীতিত

নিউজ ডেস্ক, ৮ মে’ : অকল সন্ত্রাসবাদীয়েই নহয়, ভাৰতৰ ‘অপাৰেচন সিন্দূৰ’ৰ চৰম আঘাতত পাকিস্তান-ৰ অর্থনীতিতো সৃষ্টি হৈছে হাহাকাৰ৷ পৰহি নিশা মাৰণ আক্রমণৰ কথা পোহৰলৈ অহাৰ পিছত কালি পাকিস্তানৰ শ্বেয়াৰ বজাৰত আৰম্ভ হ’ল ‘ৰক্তস্নান’৷ এই আক্রমণৰ পিছতে ভাৰতৰ প্রতিৱেশী দেশখনৰ বিনিয়োগকাৰীসকল আতংকিত হৈ পৰিছে৷ আনফালে পাকিস্তানৰ শ্বেয়াৰ বজাৰত এনে ভয়াৱহ পৰিস্থিতি দেখিবলৈ পোৱাৰ বিপৰীতে ভাৰতৰ শ্বেয়াৰ বজাৰলৈ সেউজ সংকেত আহি পৰিছে৷ সংবাদ মাধ্যমৰ সূত্রই সদৰী কৰা অনুসৰি, পাকিস্তানত ভাৰতৰ আক্রমণৰ খবৰ পোহৰলৈ অহাৰ পিছতে পাকিস্তানৰ বিনিয়োগকাৰীসকলৰ মাজত সৃষ্টি হয় তীব্র আতংক৷ ইয়াৰ ফলত কৰাচী ১০০ৰ সূচক ৬,২৭২ পইণ্ট অৱনমিত হয়৷ অর্থাৎ ইয়াৰ সূচকৰ পতন ঘটিছে ৫.৫ শতাংশ৷ মঙলবাৰে কৰাচীৰ বজাৰত সূচক আছিল ১,১৩,৫৬৮ পইণ্ট৷ বুধবাৰে সেয়া অৱনমিত হয় ১০৭,২৯৬.৬৪লৈ৷ অৱশ্যে অকল কালিয়েই নহয়, ২২ এপ্রিলত পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণৰ পিছৰে পৰা ভাৰতৰ প্রত্যাঘাতৰ আতংকত নিম্নমুখী হৈ আহিছে পাকিস্তানৰ শ্বেয়াৰ বজাৰৰ সূচক৷ যোৱা ১৫ দিনত পাকিস্তানৰ শ্বেয়াৰ বজাৰত দেখিবলৈ পোৱা গৈছে ৮ শতাংশ পতন৷ লক্ষণীয়ভাৱে পাক চৰকাৰে এই বিষয়টোক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে৷

You might also like