ধ্বংসস্তূপত ঘৰ বিচাৰি হাহাকাৰ পেলেষ্টাইনীৰ
🔹 বিধ্বস্ত গাজাত যুদ্ধবিৰতিৰ দ্বিতীয় দিনা শোকাকুল পৰিস্থিতি
নিউজ ডেস্ক, ২১ জানুৱাৰী : বহুপ্রতীক্ষিত যুদ্ধবিৰতি পৰহিৰে পৰা আৰম্ভ হৈছে গাজাত৷ ইতিমধ্যে পৰহি প্রতিশ্রুতি অনুসৰি পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছে ৩ ইজৰাইলী পণবন্দীক মুক্তি দিছে৷ ৰেডক্র’ছৰ জৰিয়তে ইজৰাইলৰ হাতত অর্পণ কৰা হৈছে এই তিনি পণবন্দীক৷ ইয়াৰ বিনিময়ত ৯০গৰাকী পেলেষ্টাইনী কাৰাবন্দীক মুক্তি দিছে ইজৰাইলী চৰকাৰে৷ লক্ষণীয়ভাৱে ৪২ দিনীয়া যুদ্ধবিৰতি আৰম্ভ হোৱাৰ লগে লগে পেলেষ্টাইনী লোকসকলে উল্লাস প্রদর্শন কৰিছে৷ কিন্তু কালি যুদ্ধবিৰতিৰ দ্বিতীয় দিনা দীর্ঘদিন ধৰি গৃহহীন হৈ থকা পেলেষ্টাইনী লোকসকলে গাজাত নিজৰ বাসস্থান বিচাৰি উভতি আহি হাহাকাৰ কৰিবলগীয়া হৈছে৷ ইতিমধ্যে ইজৰাইলী সেনাৰ বোমা–ক্ষেপণাস্ত্রত কোনোমতে প্রাণটো হাতৰ মুঠিত লৈ পলায়ন কৰা পেলেষ্টাইনী লোকসকলৰ বাসগৃহবোৰ ধূলিত পৰিণত হৈছে৷ এসময়ত কোলাহলপূর্ণ জনপথত এতিয়া কেৱল ধ্বংসস্তূপ দেখিবলৈ পোৱা গৈছে৷ এনে দৃশ্য দেখাৰ লগে লগে বহু পেলেষ্টাইনী লোক শোকত ভাগি পৰিছে৷ এনে ধ্বংসস্তূপত পুনৰ কেনেদৰে নতুন বাসগৃহ সম্ভৱ হ’ব, তাক লৈ উদ্বিগ্ণ হৈ পৰিছে যুদ্ধবিধ্বস্ত গাজাৰ বাসিন্দাসকল৷ ইফালে, হামাছে মুক্তি দিয়া তিনি পণবন্দীয়ে পৰহিৰে পৰা সংবাদ মাধ্যমৰ আগত প্রকাশ কৰি আহিছে যে বন্দিত্বৰ সময়ছোৱাত তেওঁলোকক প্রয়োজনীয় সা–সুবিধা প্রদান কৰা হৈছিল৷ আনকি সুস্থিৰ অৱস্থাত ৰখাৰ বাবে চেষ্টা চলাইছিল হামাছৰ ৰক্ষীসকলে৷ আগন্তুক ২৫ জানুৱাৰীত ৪গৰাকী মহিলা পণবন্দীক পুনৰ মুক্তি দিব হামাছে৷ স্মর্তব্য যে ৪২ দিনৰ ভিতৰত পণবন্দী আৰু বন্দী মুক্তিৰ প্রক্রিয়া সম্পূর্ণ কৰিব হামাছ তথা ইজৰাইলে৷