পোহনীয়া কুকুৰ ব’ৰ মৃত্যুত গভীৰ শোক অ’বামাৰ
নিয়মীয়া বাৰ্তা, ১০ মে: হোৱাইট হাউছত দীর্ঘদিনৰ বাবে অ’বামা পৰিয়ালৰ অতি বিশ্বস্ত আছিল পোহনীয়া কুকুৰ ব’৷ কালি কর্কট আক্রান্ত ব’ৰ মৃত্যু হোৱাৰ পিছতে অ’বামাৰ পৰিয়াল শোকত ভাগি পৰিছে৷ আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতিগৰাকীয়ে ছ’চিয়েল মিডিয়াযোগে ব’ৰ মৃত্যুৰ খবৰ সদৰী কৰাৰ পিছতে দেশখনৰ সংবাদ মাধ্যমত বিষয়টোৱে গুৰুত্ব লাভ কৰিছে৷
বাৰাক অ’বামা আৰু তেওঁৰ পত্নী মিচেলে ইনষ্টাগ্রামৰ জৰিয়তে ব’ৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি দীর্ঘদিনৰ এই পোহনীয়া কুকুৰটো প্রকৃত বন্ধু তথা বিশ্বস্ত সংগী আছিল বুলি উল্লেখ কৰিছে৷ লক্ষণীয়ভাৱে হোৱাইট হাউছলৈ অহা সকলো লোককেই ব’ৱে সম্ভ্রম প্রদর্শন কৰিছিল বুলিও অ’বামা দম্পতীয়ে উল্লেখ কৰিছে৷
কুকুৰটোৱে হোৱাইট হাউছলৈ অহা কোনো অতিথিকে কেতিয়াও কামোৰা নাছিল৷ কিন্তু বর্তমানৰ ৰাষ্ট্রপতি জ’ বাইডেনৰ পোহনীয়া কুকুৰে হোৱাইট হাউছত শেহতীয়াকৈ সৃষ্টি কৰিছে আতংক৷ আনকি হোৱাইট হাউছলৈ অহা বহু অতিথিক বাইডেনৰ কুকুৰে কামোৰাৰ বাবেই নেতাগৰাকীয়ে দুটাকৈ পোহনীয়া কুকুৰক নিজৰ গৃহ চহৰলৈ ওভতাই পঠিয়াইছে৷ ইয়াৰ বিপৰীতে অ’বামাৰ ব’ আছিল অতি শান্ত প্রকৃতিৰ৷