নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড আক্রান্তৰ দেহত বিষাক্ত ‘ক’লা ভেঁকুৰ’

নিয়মীয়া বাৰ্তা, ১০ মে:  ক’ভিড ৰোগীৰ দেহত বিষাক্ত ‘ক’লা ভেঁকুৰ’ৰ উপস্থিতি ধৰা পৰাক লৈ মহাৰাষ্ট্রত সৃষ্টি হৈছে নতুন আতংক৷ মুম্বাইৰ এগৰাকী চকুৰোগ বিশেষজ্ঞ ডাঃ অক্ষয় নায়াৰে ২৫ বছৰীয়া মহিলা এগৰাকীৰ অস্ত্রোপচাৰৰ বাবে অপেক্ষা কৰি আছিল৷ তিনি সপ্তাহ পূর্বে ক’ভিডৰ পৰা মুক্ত হৈছিল মহিলাগৰাকী৷ ইতিমধ্যে কাণ, নাক আৰু ডিঙি বিশেষজ্ঞই মধুমেহ ৰোগত পূর্বৰে পৰা আক্রান্ত হৈ থকা মহিলাগৰাকীৰ এক অস্ত্রোপচাৰ সম্পন্ন কৰিছিল৷

লক্ষণীয়ভাৱে এই অস্ত্রোপচাৰৰ সময়ত মহিলাগৰাকীৰ নাক আৰু চকুৰ পৰা মাকৰমাইক’ছিছ নামৰ এবিধ ৰোগৰ সংক্রমণত সহায় কৰা বিষাক্ত ক’লা ভেঁকুৰ উদ্ধাৰ কৰা হয়৷ একে সময়তে চকুৰ পৰাও এই বিষাক্ত ভেঁকুৰবিধ অস্ত্রোপচাৰৰ সময়ত লাভ কৰে চিকিৎসকে৷ এই ভেঁকুৰবিধৰ দ্বাৰা মগজুলৈকে সংক্রমণ ঘটিব পাৰে বুলি নিশ্চিত হৈছে চিকিৎসকসকল৷

লক্ষণীয়ভাৱে চকু চিকিৎসকগৰাকীয়ে মহিলাগৰাকীৰ জীৱন ৰক্ষা কৰিবলৈ এটা চকু অস্ত্রোপচাৰ কৰি উলিয়াই দিবলগীয়া হ’ব বুলি ঘোষণা কৰিছে৷ ইয়াৰ পিছতেই এই ক’লা ভেঁকুৰ কেনেদৰে ক’ভিড ভাইৰাছৰ জৰিয়তে মানুহৰ দেহলৈ আহিল তাক লৈ সৃষ্টি হৈছে কৌতূহল৷ ইফালে, এই ঘটনাই এতিয়া দেশৰ সংবাদ মাধ্যমতো সৃষ্টি কৰিছে আলোড়ন৷

You might also like