ৰাছিয়াৰ বিয়েৰৰ পাত্রত মহাত্মা গান্ধীৰ ফটো
🔹 প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ হস্তক্ষেপ দাবী
নিউজ ডেস্ক, ১৬ ফেব্রুৱাৰী : ৰাছিয়াৰ পনীয় কোম্পানী এটাই বিয়েৰৰ পাত্রত মহাত্মা গান্ধীৰ ফটো সন্নিৱিষ্ট কৰাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ৰাছিয়ান ব্রেণ্ড ৰেৱতে উৎপাদন কৰা বিয়েৰৰ পাত্রত ‘মহাত্মা জী’ ফটো সন্নিৱিষ্ট কৰি প্রচাৰ কৰাক লৈ তীব্র অসন্তুষ্টি প্রকাশ কৰি ওড়িশাৰ প্রাক্তন মুখ্যমন্ত্রী নন্দিনী সৎপতিৰ নাতি সুর্পণা সৎপতিয়ে সামাজিক মাধ্যমযোগে প্রধানমন্ত্রী নৰেন্দ্র মোদীক এই বিতর্কিত বিষয়টো সন্দর্ভত হস্তক্ষেপ কৰিবলৈ দাবী জনাইছে৷ ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ সৈতে এই বিষয়টো আলোচনা কৰিবলৈও সুর্পণ সৎপতিয়ে সামাজিক মাধ্যমযোগে আহ্বান জনাইছে৷ সামাজিক মাধ্যম এক্সত সুর্পণা সৎপতিয়ে কয়- মোৰ বিনম্র অনুৰোধ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তেওঁৰ বন্ধু ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনৰ ওচৰত এই বিষয়টো উত্থাপন কৰক৷ ৰাছিয়াৰ ৰেৱত কোম্পানীয়ে মহাত্মা গান্ধীৰ নামত বিয়েৰ বিক্রী কৰি আহিছে৷ সামাজিক মাধ্যমত সুর্পণা সৎপতিৰ এই পোষ্ট প্রচাৰ হোৱাৰ পিছতেই দেশৰ লগতে বিদেশতো ভাৰতীয় নাগৰিকসকলৰ মাজত প্রতিক্রিয়া সৃষ্টি হৈছে৷ সামাজিক মাধ্যমযোগে ৰাছিয়াৰ পনীয় কোম্পানীৰ এনে কামক গ্রহণযোগ্য নহয় বুলি গৰিহণা জনাইছে৷ তদুপৰি সুৰাৰ বটলত মহাত্মা গান্ধীৰ ফটো সন্নিৱিষ্ট কৰাৰ দৰে গৰিহণাৰ যোগ্য কাম নকৰিবলৈও কোম্পানীটোক সকীয়নি দিছে সামাজিক মাধ্যমৰ একাংশ ব্যৱহাৰকাৰীয়ে৷ মন কৰিবলগীয়া যে ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীক প্রচাৰৰ গইনা হিচাপে ৰাছিয়াৰ কোম্পানীটোৱে ব্যৱহাৰ কৰাটো কোনো কাৰণতে উচিত হোৱা নাই বুলিও প্রকাশ পাইছে৷