নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানৱ দেহত গাহৰিৰ বৃক্ক সংৰোপণ

🔹 আমেৰিকাৰ চিকিৎসকৰ সফলতা

বিশেষ বাৰ্তা, ১৭ ছেপ্টেম্বৰ : প্রাণী আৰু মানৱৰ অংগ সংৰোপণ প্রক্রিয়াই আশাৰ সঞ্চাৰ কঢ়িয়াইছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ চিকিৎসকে মানৱ দেহত গাহৰিৰ বৃক্ক সংৰোপণেৰে চিকিৎসা বিজ্ঞানলৈ সুখবৰ কঢ়িয়াই আনিছে৷ পূর্বতেও এনেদৰে প্রাণীৰ অংগ মানৱ দেহত সংৰোপণ কৰা হৈছিল যদিও সেই অংগ সংৰোপণ অতি খন্তেকীয়াভাৱেহে সফল হৈছিল৷ কিন্তু আমেৰিকা যুক্তৰাষ্ট্রৰ চিকিৎসকে শেহতীয়াভাৱে এজন ব্যক্তিৰ দেহত গাহৰিৰ বৃক্ক সংৰোপণ কৰি দুমাহ সজীৱ কৰি ৰাখিবলৈ সক্ষম হয়৷ এই সফলতাই চিকিৎসা বিজ্ঞানক নতুন গতি দিয়াৰ ইংগিত দিছে৷ মগজু মৃত ব্যক্তি এজনৰ দেহত গাহৰিৰ কিডনী সংৰোপণ কৰাৰ পিছত অভিলেখসংখ্যক দুমাহ সক্রিয় হৈ থাকে৷ নিউয়র্কৰ লেনগন হেল্থৰ সংৰোপণ চিকিৎসক ডাঃ মণ্টগ’মেৰীয়ে প্রকাশ কৰা মতে, মিলাৰ নামৰ মগজু মৃত লোকজনৰ দেহত গাহৰিৰ বৃক্ক সংৰোপণ কৰা হয়৷ ভেণ্টিলেটৰত ৰখা মিলাৰৰ দেহত বৃক্কটো সংৰোপণ কৰাৰ পিছত দুমাহৰ মূৰকত সেই বৃক্কটো নিষ্ক্রিয় হৈ পৰে আৰু মিলাৰৰ দেহ পৰিয়ালৰ হাতত গতাই দিয়া হয়৷ দুমাহ ধৰি মিলাৰৰ দেহত গাহৰিৰ বৃক্কটো সক্রিয় হৈ থকাটোৱে চিকিৎসা বিজ্ঞানত আশাৰ সঞ্চাৰ কৰিছে৷ মন কৰিবলগীয়া যে মানৱ দেহত জেনেটিকেলি বিকশিত কৰা গাহৰিৰ বৃক্ক সংৰোপণ কৰি দীর্ঘদিন ধৰি সক্রিয় কৰি ৰাখিব পৰা যায় যদিও প্রথমবাৰৰ বাবে গাহৰিৰ বৃক্ক মানৱ দেহত সংৰোপণ কৰি দুমাহ সক্রিয় কৰি ৰাখিবলৈ সক্ষম হয় চিকিৎসকসকল৷ মানৱ দেহত গাহৰিৰ বৃক্ক সংৰোপণেৰে দুমাহ সক্রিয় কৰি ৰাখিবলৈ সক্ষম হোৱা চিকিৎসক ডাঃ মণ্টগ’মেৰীৰ নিজৰে হূদযন্ত্র সংৰোপণ কৰা আছে৷ আমেৰিকা যুক্তৰাষ্ট্রত সম্প্রতি অংগ সংৰোপণৰ বাবে ১ লাখতকৈ অধিক লোক অপেক্ষাৰত হৈ আছে৷ ইয়াৰে ভিতৰত বৃক্ক সংৰোপণ কৰিবলগীয়া লোক অধিক৷ এনে ক্ষেত্রত মানৱ দেহত গাহৰিৰ বৃক্ক সংৰোপণেৰে অভিলেখসংখ্যক দিন সক্রিয় কৰি ৰখা সফলতাই এনে ৰোগীৰ জীৱনলৈ সুদিন কঢ়িয়াই আনিব পাৰে৷

You might also like