নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিডিঅ’ নির্মাণৰ বাবে বিমান দুর্ঘটনা : মার্কিন ইউটিউবাৰক ২০ বছৰৰ কাৰাবাস

বিশেষ বাৰ্তা, ১৪ মেঃ আমেৰিকা যুক্তৰাষ্ট্রৰ কেলিফ’র্নিয়াৰ লছ পেড্রেছ ৰাষ্ট্রীয় বনাঞ্চলত ২০২১ চনৰ ডিচেম্বৰত ভাইৰেল ভিডি’ নির্মাণৰ বাবে বিমান দুর্ঘটনা কৰা দেশখনৰ ইউটিউবাৰ এজনক দোষী সাব্যস্ত কৰি ২০ বছৰৰ কাৰাবাস বিহাৰ সিদ্ধান্ত চূড়ান্ত হৈছে৷ অনুসন্ধান সংস্থাই ট্রেভৰ জেকভ নামৰ ইউটিউবাৰজনে ভিডিঅ’ ভাইৰেল কৰিবলৈ ইচ্ছাকৃতভাৱে বিমান দুর্ঘটনা কৰা বুলি নিশ্চিত কৰাৰ পিছতেই ইউটিউবাৰজনক ২০ বছৰৰ কাৰাদণ্ড বিহাটো নিশ্চিত হৈ পৰিছে৷ ইতিমধ্যে বিমান দুর্ঘটনাৰ ভাইৰেল ভিডিঅ’ নির্মাণ কৰা ইউটিউবাৰজনে তেওঁ এই ঘটনাৰ বাবে দোষী হিচাপে মানি লৈছে৷ অনুসন্ধান সংস্থাই নিশ্চিত কৰাৰ পিছতে আমেৰিকা যুক্তৰাষ্ট্রৰ ফেডাৰেল বিমান পৰিবহণ প্রশাসনে ২৯ বছৰীয়া ট্রেভৰ জেকভৰ ব্যক্তিগত বিমান চালনাৰ অনুজ্ঞা–পত্র বাতিল কৰিছে৷ ভিডি’টোত প্রত্যক্ষ কৰা মতে, একক ইঞ্জিনৰ বিমানখনৰ পৰা পাইলটজনে নিজকে বচাবলৈ পেৰাচুট পিন্ধি বিমানখন দুর্ঘটনাত পতিত কৰাটো স্পষ্টকৈ দেখা পোৱা গৈছে৷

You might also like