নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনত আন এক ৰহস্যজনক ৰোগ : উদ্বিগ্ন ‘হু’

বিশেষ বাৰ্তা, ২৪ নৱেম্বৰ : ৰহস্যজনক নিউমোনিয়াৰ প্রাদুর্ভাৱে চীনত এতিয়া শংকাময় পৰিৱেশৰ সৃষ্টি কৰিছে ৷ বেইজিং, লি’নিং আদিত এই ৰহস্যজনক নিউমোনিয়াত আক্রান্ত ৰোগীৰ সংখ্যা দ্রুতগতিত বর্ধিত হৈছে৷ চিকিৎসালয়সমূহত বর্ধিত ৰোগীৰ সংখ্যাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ শিক্ষার্থীসকলৰ লগতে শিক্ষকসকল অজ্ঞাত কাৰণত অসুস্থ হৈ পৰাত চীনৰ স্বাস্থ্য মন্ত্রণালয়ো উদ্বিগ্ণ হৈ পৰিছে৷ ৰহস্যজনক ৰোগত আক্রান্ত হৈ চীনত কেইবাসহস্র লোক চিকিৎসাধীন হোৱাৰ পিছত বিশ্ব স্বাস্থ্য সংস্থাই এই সন্দর্ভত উদ্বিগ্ণতা প্রকাশ কৰিছে৷ ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই এই ৰোগ সন্দর্ভত বিতং তথ্য চীন চৰকাৰৰ পৰা বিচাৰিছে৷ ঘাতক ক’ভিড–১৯ মহামাৰীৰ পিছত পুনৰ দেশখনত ৰহস্যজনক নিউমোনিয়াৰ প্রাদুর্ভাৱে বিশ্ব স্বাস্থ্য সংস্থাকো উদ্বিগ্ণ কৰি তুলিছে৷ এই ৰোগে ভাৰতকো স্পর্শ কৰিব নেকি, তাক লৈ চর্চা চলিছে৷

You might also like