নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রখ্যাত অভিনেতা প্রকাশ ৰাজলৈ চমন ইডিৰ

🔹 ১০০ কোটিটকীয়া পঞ্জী কেলেংকাৰি

বিশেষ বাৰ্তা, ২৪ নৱেম্বৰ : দক্ষিণৰ প্রসিদ্ধ অভিনেতা প্রকাশ ৰাজক ১০০ কোটিটকীয়া পঞ্জী কেলেংকাৰিৰ সৈতে জড়িত থকাৰ অভিযোগত চমন জাৰি কৰিছে এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট, চমুকৈ ইডিয়ে৷ পিএমএলএ আইনৰ অধীনত যোৱা ২০ নৱেম্বৰত অভিনেতা ৰাজ সম্পর্কিত ট্রিচিৰ কেইবাটাও প্রতিষ্ঠানত ইডিয়ে অভিযান চলোৱাৰ পিছত কালি অভিনেতাজনলৈ চমন জাৰি কৰিছে ট্রিচিয়ে৷ প্রণৱ জুৱেলার্ছৰ সৈতে সম্পর্কিত অভিনেতা ৰাজৰ এই কেলেংকাৰিক লৈ ইতিমধ্যে ইডিয়ে নিৰীক্ষণৰ বাবে গোচৰ ৰুজু কৰিছে৷ তাৎপর্যপূর্ণ যে সোণ বিনিয়োগ আঁচনিৰ জৰিয়তে গ্রাহকক প্রলোভিত কৰি ধন সংগ্রহ কৰা প্রণৱ জুৱেলার্ছৰ সৈতে জড়িত আছে বুলি প্রকাশ ৰাজৰ বিৰুদ্ধে চমন জাৰি কৰা হৈছে৷ মন কৰিবলগীয়া যে অভিনেতা প্রকাশ ৰাজে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রত শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ আহিছে৷ এনে পৰিপ্রেক্ষিততে অভিনেতাগৰাকীৰ বিৰুদ্ধে ইডিয়ে চমন জাৰি কৰা বুলিও চর্চিত হৈছে৷

You might also like