নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিঅ’কে-ৰ বাসিন্দাক দীর্ঘদিনলৈ খাদ্য মজুতৰ নির্দেশ

🔹 ভাৰত-পাকৰ মাজত হ'ব দীর্ঘস্থায়ী যুদ্ধ ! 🔹 ৯ দিনে নিয়ন্ত্রণ ৰেখাত গুলীয়াগুলী

নিউজ ডেস্ক, ৩ মে’ : নিয়ন্ত্রণ ৰেখা (এলঅ’চি)ৰ গুলীয়াগুলীৰ ঘটনাই পূর্ণাংগ যুদ্ধৰ ৰূপ ধাৰণ কৰিব পাৰে৷ পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণৰ পাছত এই আশংকা কৰিছে পাক অধিকৃত কাশ্মীৰ ( পিঅ’কে )ৰ ‘প্রধানমন্ত্রী’ চৌধুৰী আনোৱাৰ–উল–হকৰ চৰকাৰে৷ সংবাদ সংস্থাৰ প্রতিবেদন অনুসৰি, জৰুৰীকালীন পৰিস্থিতিৰ কথা চিন্তা কৰি পাক অধিকৃত কাশ্মীৰৰ বাসিন্দাসকলক প্রয়োজনীয় খাদ্য আৰু নিত্য প্রয়োজনীয় সামগ্রী মজুত কৰাৰ নির্দেশ দিছে চৰকাৰে৷ যোৱা ২২ এপ্রিলত কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামত সংঘটিত পাক সন্ত্রাসবাদীৰ আক্রমণত ২৫গৰাকী পর্যটকসহ ২৬গৰাকী লোক নিহত হৈছিল৷ এই ঘটনাৰ পাছতে প্রতিৱেশী পাকিস্তান আৰু ভাৰতৰ মাজত সৃষ্টি হয় উত্তেজনা৷ আজিলৈকে একেৰাহে ৯ দিন ধৰি নিয়ন্ত্রণ ৰেখাত উভয়পক্ষৰ মাজত চলি আছে গুলীয়াগুলী৷ মঙলবাৰে নিশা ভাৰতীয় সেনাৰ ডিজিএমঅ’ লেফ্টেনেণ্ট জেনেৰেল ৰাজীৱ ঘায়ে পাক সেনাৰ ডিজিএমঅ’ৰ সৈতে হটলাইনত উত্তেজনা প্রশমনৰ বিষয়টো লৈ আলোচনা কৰিছিল যদিও ইয়াৰ কোনো ইতিবাচক প্রভাৱ পৰা নাই৷ পাক অধিকৃত কাশ্মীৰৰ ১৩টা সমষ্টিৰ অৱস্থান নিয়ন্ত্রণ ৰেখাৰ সৈতে জুৰি আছে৷ প্রথম পর্যায়ত এই সমষ্টিকেইটাৰ বাসিন্দাসকলক পর্যাপ্ত খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্রী মজুত কৰি ৰখাৰ বাবে নির্দেশ দিছে পাক অধিকৃত কাশ্মীৰৰ চৰকাৰে৷ পাক অধিকৃত কাশ্মীৰৰ মতে যুদ্ধই দীর্ঘস্থায়ী ৰূপ লাভ কৰিব পাৰে৷ পূর্বে ভাৰত–পাকৰ মাজত নিয়ন্ত্রণ ৰেখাত যুদ্ধবিৰতি উলংঘনৰ সময়ত স্বয়ংক্রিয় ৰাইফল আৰু মেচিন গান ব্যৱহাৰ হৈছিল যদিও পৰৱর্তী সময়ত মধ্যম তথা গধুৰ মেচিন গান, মর্টাৰ আনকি কামানো ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে৷ সামৰিক ভাষাত এই কৌশলৰ নাম ‘কেলিবাৰ কনভার্ছন’৷ একেই কৌশলেৰে প্রত্যুত্তৰ দিছে ভাৰতীয় সেনায়ো৷ ইয়াৰ ফলত সাধাৰণ নাগৰিকৰ হতাহতৰ আশংকা বৃদ্ধি পায়৷ ভাৰতীয় সেনাৰ তৰফৰ পৰা তেনে পদক্ষেপৰ আশংকাতেই এলঅ’চিৰ সমীপৱর্তী বাসিন্দাসকলক ইতিমধ্যে সতর্কবাণী কৰা হৈছে৷ লক্ষণীয়ভাৱে সীমান্ত অঞ্চলৰ বাংকাৰসমূহ ইতিমধ্যে পৰিষ্কাৰ কৰা বুলি বিভিন্ন সংবাদ মাধ্যমে দাবী কৰিছে৷ অৱশ্যে ভাৰতীয় সেনাৰ তৰফৰ পৰা এই সন্দর্ভত কোনোধৰণৰ প্রতিক্রিয়া আগবঢ়োৱা হোৱা নাই৷ কিন্তু পাক অধিকৃত কাশ্মীৰৰ চৰকাৰে অঞ্চলটোৰ বাসিন্দাসকলক দীর্ঘদিনৰ বাবে ঘৰত খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্রী মজুত কৰিবলৈ নির্দেশ দিয়াৰ লগে লগে যুদ্ধৰ আশংকা ঘনীভূত হৈ পৰিছে৷ মূলতঃ নিয়ন্ত্রণ ৰেখাৰ যুদ্ধবিৰতি উলংঘাই এই আশংকাক অধিক ঘনীভূত কৰি তুলিছে৷

You might also like