আৰক্ষীৰ কুকুৰ ‘ফুজাই’ক বিশৃংখলতাৰ বাবে শাস্তি প্রদান
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জানুৱাৰীঃ কামৰ সময়ত টোপনি গ’লে দৰমহা কটাটো তেনেই স্বাভাৱিক কথা৷ কিন্তু এটা কুকুৰৰ সৈতেও এনে ঘটনা ঘটিব বুলি কল্পনা কৰিব নোৱাৰি৷ চীনৰ আৰক্ষী বাহিনীৰ কুকুৰ ‘ফুজাই’ বছৰৰ শেষত বানচ কাটি লোৱা হ’ল কর্তব্যত গাফিলতি কৰাৰ অভিযোগত৷ অভিযোগ অনুসৰি কর্তব্যৰ সময়ত নিদ্রাত ঢ়লি পৰা আৰু খাদ্যৰ বাচনত প্রস্রাৱ কৰাৰ দোষ আছিল ফুজাইৰ৷ ফুজাই ছ’চিয়েল মিডিয়াত অছিল অতি জনপ্রিয়৷ সঘনে এই কুকুৰটোৰ ভিডি’ ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত৷ ২০২৩ চনৰ ২৮ আগষ্টত জন্ম ফুজাইৰ৷ ২০২৪ চনৰ জানুৱাৰীত চানদং প্রদেশৰ উইফাং আৰক্ষী কুকুৰ প্রশিক্ষণ শিবিৰত অন্তর্ভুক্ত কৰা হয় ফুজাইক৷ এই শিবিৰত বিস্ফোৰক চিনাক্ত কৰাৰ প্রশিক্ষণ দিয়া হৈছিল কুকুৰটোক৷ অতি কম সময়ৰ ভিতৰতে প্রশিক্ষণত দক্ষতাৰ পৰিচয় দিছিল ফুজাই৷ গতিকে ২০২৪ চনৰ অক্টোবৰ মাহত আৰক্ষীৰ কুকুৰ হিচাপে ফুজাইক কর্তব্যত মোতায়েন কৰা হয়৷ আৰক্ষীৰ বাহিনীত যোগদান কৰাৰ পিছত সকলো ঠিকে আছিল যদিও ফুজাইৰ কিছুমান দোষ ধৰা পৰে প্রশিক্ষকৰ নজৰত৷ দীর্ঘদিন ধৰি দক্ষতাৰ সৈতে কুকুৰটোৰ কাম কৰিছিল যদিও কামৰ সময়ত সঘনে নিদ্রাত ঢ়লি পৰিছিল৷ আনকি খাদ্য খাবলৈ দিয়া থালত ফুজাইয়ে সঘনে প্রস্রাৱ কৰিছিল৷ এই বিশৃংখলতাৰ বাবে ফুজাইক শাস্তিও বিহে আৰক্ষীয়ে৷ কিন্তু স্বভাৱ সলনি নহ’ল ফুজাইৰ৷ গতিকে বছৰৰ শেষত এই বিশৃংখলতাৰ অপৰাধত ফুজাইৰ বানচ জৰিমণা হিচাপে কাটি ৰাখিছে চীনৰ আৰক্ষী বিভাগে৷ স্মর্তব্য যে ফুজাইৰ কাম আৰু দৈনন্দিন জীৱন ‘কোর্গী পুলিচ ডগ এণ্ড ইটছ কমৰেডছ’ নামৰ এটা ছ’চিয়েল মিডিয়া একাউণ্টত নিয়মিত পোষ্ট কৰা হৈছিল৷ এই একাউণ্টত ফুজাইৰ লগতে আৰক্ষীৰ অন্য কুকুৰবোৰৰ কামৰ আপডেটো দিয়া হৈছিল৷ এই ছ’চিয়েল মিডিয়া একাউণ্টৰ ফল’ৱাৰৰ সংখ্যা প্রায় ৩লাখ ৮৪ হাজাৰ৷ ফুজাইৰ শেহতীয়া কামৰ খবৰে ফল’ৱাৰ সকলক ব্যথিত কৰিছে৷ বিভিন্নজনে অৱশ্যে ফুজাইক এই শাস্তি দিয়া উচিত নহয় বুলি মন্তব্য কৰিছে৷