নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰৱণ শক্তি হ্ৰাস বলীউডৰ জনপ্ৰিয় সংগীত শিল্পীৰ

🔹 জটিল ৰোগত আক্ৰান্ত অলকা য়াগনিক

বিশেষ বাৰ্তা, ১৮ জুন : ‘টিপ টিপ বৰছা পানী’ৰ পৰা আৰম্ভ কৰি ‘আগৰ তুম সাথ হো’লৈকে ইটোৰ পিছত সিটো গীতেৰে শ্ৰোতা-দৰ্শকক মুগ্ধ কৰিছিল গায়িকাগৰাকীয়ে। নব্বৈৰ দশকৰ ‘মেলোডী কিং’ যদি কুমাৰ ছানু, উদিত নাৰায়ণ, তেতিয়াহ’লে অলকা য়াগনিক সেই সময়ৰ ‘মেলোডী কুইন’ উপাধিৰ যোগ্য। এইগৰাকী বিখ্যাত সংগীত শিল্পীৰ জীৱনলৈ নামি আহিছে দুৰ্যোগ। তেওঁ এক জটিল ৰোগত আক্ৰান্ত হৈছে, সেইবাবে তেওঁৰ শ্ৰৱণ শক্তি হ্ৰাস পাইছে বুলি জানিব পৰা গৈছে। অলকা য়াগনিকে ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিজৰ অসুস্থতাৰ বিষয়ে অৱগত কৰে। সংগীত শিল্পীগৰাকীয়ে নিজৰ সৰু দিনৰ এখন ছবি শ্বেয়াৰ কৰিছিল। ইয়াৰ পিছতে তেওঁ অনুৰাগী, বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষীসকলক এক বিশেষ বাৰ্তা প্ৰদান কৰে। অলকাই কয় যে কেইসপ্তাহমানৰ আগতে বিমানৰ পৰা নামি হঠাতে তেওঁ শ্ৰৱণ ক্ষমতা হেৰুৱাই পেলাইছিল। অৱশ্যে কিছু সময়ৰ পাছত স্বাভাৱিক হৈ পৰে। শিল্পীগৰাকীয়ে লিখিছে- “মোৰ অনুপস্থিতিৰ বাবে কেইবাসপ্তাহ ধৰি চিন্তা কৰাৰ পিছত মই কিছু সাহস গোটাই বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষীসকলক কওঁ যে মই ছাডেন চেন্সৰি নিউৰেল নাৰ্ভ হিয়াৰিং লছ নামৰ বিৰল ৰোগৰ বাবে চিকিৎসাধীন হৈ আছোঁ। মোৰ অজ্ঞাতে ভাইৰাছৰ আক্ৰমণৰ বাবেই এই বৃহৎ ক্ষতি হৈছে।” ইয়াৰ পিছত তেওঁ পুনৰ লিখিছে- “আপোনালোকৰ সকলোৰে প্ৰাৰ্থনাৰ বলত মই যুঁজ দিছোঁ। তদুপৰি সকলোৱে অত্যধিক শব্দ আৰু হেডফোনৰ পৰা সাৱধান হওক। এদিন এই বিষয়ে বিতং তথ্য নিশ্চয় দিম। আপোনালোকৰ সকলোৰে মৰম আৰু সাহসৰ বাবে মই সুস্থ জীৱনলৈ ঘূৰি আহিবলৈ চেষ্টা কৰিছোঁ আৰু অতি সোনকালে আপোনালোকৰ ওচৰলৈ ঘূৰি আহিম।” তথ্য অনুসৰি, মগজুৰ ভিতৰৰ কাণৰ সংবেদনশীল কোষ বা শ্ৰৱণ স্নায়ুৰ পথৰ ক্ষতিৰ ফলত শ্ৰৱণ শক্তি হ্ৰাস পাইছে। এই ৰোগ কেৱল উচ্চ শব্দৰ বাবেই নহয়, ভাইৰাছৰ আক্ৰমণ, জিনীয় ৰোগ, ঔষধৰ প্ৰভাৱ, পাৰিবাৰিক ইতিহাস আদিৰ বাবেও হ’ব পাৰে।

You might also like