জনপ্রিয় হৈছে চীনত পাথৰেৰে প্রস্তুত খাদ্য ‘ছুওদিউ’
📌 খাদ্যৰ উপযোগী হৈছে মচলাযুক্ত শিলৰ ব্যঞ্জন
বিশেষ বাৰ্তা, ৪ জুলাই : পৃথিৱীৰ অন্যতম দুখীয়া দেশ হাইটি৷ বিত্তীয় নাটনি আৰু খাদ্যৰ অভাৱত আটাৰ বিপৰীতে বোকা মাটিৰে প্রস্তুত কৰা ৰুটী খায় সেই দেশৰ মানুহে ৷ কিন্তু শিলেৰে খাদ্য প্রস্তুত কৰাৰ কথা ভাবিবই নোৱাৰি। অবিশ্বাস্য হ’লেও চীনত শিলেৰে প্রস্তুত কৰা হৈছে এবিধ বিশেষ ধৰণৰ খাদ্য৷ দেশখনত সম্প্রতি অতি জনপ্রিয়তা লাভ কৰা এই খাদ্যবিধৰ নাম হৈছে ‘ছুওদিউ’৷ অর্থাৎ চুহি পেলাই দিব লাগে এই খাদ্য৷ এই খাদ্যবিধৰ মূল উপাদান শিল বা পাথৰ৷ পাথৰৰ টুকুৰা পৰিষ্কাৰ কৰি পিঁয়াজ, জলকীয়া আৰু ছচ দি শ্বুপ বনোৱা হয়৷ কিন্তু ছুওদিউ চোবাই খোৱা খাদ্য নহয়৷ এই খাদ্য চোবাই খাবলৈ হ’লে খাওঁতাৰ দাঁত ভাগিব ৷ খাদ্যবিধত পিঁয়াজ, জলকীয়া আৰু বিভিন্ন মচলাৰ মিশ্রণে সোৱাদ সৃষ্টি কৰে৷ গতিকে শিলবোৰ চুহি চুহি খাদ্যৰসিকে ইয়াৰ সোৱাদ লয়৷ শিলবোৰ চোহাৰ পিছত পাত্রত থকা জোল অন্য খাদ্যৰে মিহলি কৰি থোৱা হয়৷ ছুওদিউ বিশ্বৰ আটাইতকৈ শক্তিশালী খাদ্য৷ মধ্য চীনত এই খাদ্যবিধৰ জনপ্রিয়তা অতি বেছি৷ প্রাচীন চীনৰ হুবেই প্রদেশৰ পৰা আৰম্ভ কৰি বর্তমান চীনৰ বহু চহৰত ছুওদিউ বিক্রী হয়৷ অৱশ্যে এই খাদ্যবিধ পথৰ দাঁতিত অস্থায়ী দোকানতহে বেছিকৈ বিক্রী হোৱা দেখা যায়৷ নদীৰ তীৰৰ পৰা চেপেটা চেপেটা মিহি পাথৰবোৰ সংগ্রহ কৰি ইয়াক পৰিষ্কাৰ কৰা হয়৷ ইয়াৰ পিছত এই পাথৰবোৰক খাদ্যৰ বাবে উপযোগী কৰি তোলা হয় ৷