ৰাজ্যসভাত নামাজ বিৰতি বন্ধ
🔹 অধ্যক্ষ ধনখড়ৰ সিদ্ধান্ত
বিশেষ বাৰ্তা, ১২ ডিচেম্বৰ : ৰাজ্যসভাত শুকুৰবাৰৰ নামাজৰ বাবে চলি থকা আধাঘণ্টীয়া নামাজ বিৰতি প্রত্যাহাৰ কৰা হৈছে৷ ৰাজ্যসভাৰ সভাপতি তথা দেশৰ উপ–ৰাষ্ট্রপতি জগদীপ ধনখড়ে নামাজ বিৰতি প্রত্যাহাৰৰ নির্দেশ দিয়ে৷ তথ্য মতে, যোৱা শুকুৰবাৰে ৰাজ্যসভাৰ কার্যসূচী ২ বজাত অনুষ্ঠিত হোৱাত ডিএমকেৰ সাংসদ তিৰুচি ছিবাই ২.৩০ বজাৰ পৰিৱর্তে কিয় ২ বজাতে সদনৰ কার্যসূচী অনুষ্ঠিত কৰা হৈছে, সেই সন্দর্ভত সোধা প্রশ্ণৰ উত্তৰত সভাপতি ধনখড়ে কয় যে ৰাজ্যসভাৰ কার্যসূচীৰ সময় পৰিৱর্তন কৰা হৈছে৷ কিয়নো নামাজৰ বাবে ৰখা আধা ঘণ্টা সময় অর্থাৎ নামাজ বিৰতি প্রত্যাহাৰ কৰা হৈছে৷ তেনে পৰিপ্রেক্ষিততে আঢ়ৈ বজাৰ সলনি ২ বজাতেই সদনৰ কার্যসূচী আৰম্ভ কৰা হৈছে৷ তাৎপর্যপূর্ণ যে চলিত শীতকালীন অধিৱেশনত নামাজ বিৰতি প্রত্যাহাৰ কৰা বিষয়টো চর্চাৰ মাজলৈ আহিছে যদিও এবছৰ পূর্বেই এই সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ সদনৰ সভাপতি তথা উপ–ৰাষ্ট্রপতি ধনখড়ে কয়– মাননীয় সদস্যসকল এই সলনি আজি হোৱা নাই, এবছৰ পূর্বেই আৰম্ভ হৈছে৷ ইয়াৰ কাৰণ হিচাপে সভাপতি ধনখড়ে কয়– লোকসভা আৰু ৰাজ্যসভা সদনৰ অংগ৷ লোকসভাৰ দৰে ৰাজ্যসভাতো সকলো ধর্ম, জাতি, বর্ণ, সম্প্রদায়ৰ লোক আছে৷ তৎসত্ত্বেও ৰাজ্যসভাত শুকুৰবাৰে ২ বজাত সদনৰ কার্যসূচী আৰম্ভ হয়৷ দুয়ো সদনৰ কার্যসূচী একে কৰি ৰাখিবৰ কাৰণে বিগত বর্ষতেই ৰাজ্যসভাত নিয়ম সলনি কৰা হৈছিল৷ সেইমর্মে নামাজ বিৰতি প্রত্যাহাৰ কৰা হৈছে৷