চেনাব নদীত বিশ্বৰ সৰ্বোচ্চ ৰেলৱে দলং উদ্বোধন প্ৰধানমন্ত্ৰীৰ
হাতত ত্ৰিৰংগা, চীন আৰু পাকিস্তানৰ বাবে ৰঙা চকু নৰেন্দ্ৰ মোদীৰ
চেনাব নদীত বিশ্বৰ সৰ্বোচ্চ ৰেলৱে দলং উদ্বোধন প্ৰধানমন্ত্ৰীৰ
#WATCH | J&K: Prime Minister Narendra Modi waves the Tiranga as he inaugurates Chenab bridge – the world’s highest railway arch bridge.#KashmirOnTrack
(Video: DD) pic.twitter.com/xfBnSRUQV5
— ANI (@ANI) June 6, 2025
নিউজ ডেস্ক, ৬ জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চেনাব নদীৰ ওপৰত নিৰ্মিত দলংখন উদ্বোধন কৰে। এই দলংখনত ঘণ্টাত ১০০ কিলোমিটাৰ বেগত ৰে’ল চলাচল কৰিব পাৰিব।
নদীৰ পৰা ৩৫৯ মিটাৰ উচ্চতাত অৱস্থিত চেনাব ৰেল দলংখন বিশ্বৰ সৰ্বোচ্চ ৰেলৱে তোৰণ দলং। ভূমিকম্প আৰু বতাহৰ পৰিস্থিতি সহ্য কৰিব পৰাকৈ নিৰ্মাণ কৰা ১৩১৫ মিটাৰ দীঘল তীখাৰ তোৰণ দলং।
#WATCH | J&K: Prime Minister Narendra Modi inaugurates Anji bridge, India’s first cable-stayed rail bridge. Lt Governor Manoj Sinha, CM Omar Abdullah and Railway Minister Ashwini Vaishnaw also present. #KashmirOnTrack
(Video: DD) pic.twitter.com/vMsBaMMNBb
— ANI (@ANI) June 6, 2025
চেনাব দলংখন সম্পূৰ্ণ তীখাৰে নিৰ্মিত, য’ত ট্ৰাছৰ কৰ্ডত কংক্ৰিটেৰে ভৰা তীখাৰ বাকচ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ফলত বায়ুৰ চাপ নিয়ন্ত্ৰণ হয় আৰু ৰং কৰাৰ প্ৰয়োজনীয়তা নাইকিয়া হয়। ইয়াত ২৫ হাজাৰ টন তীখা ব্যৱহাৰ কৰা হৈছে।
এই দলঙৰ বাবে কাটৰা আৰু শ্ৰীনগৰৰ সংযোগ বহু পৰিমাণে বৃদ্ধি পাব। এতিয়া দুয়োখন চহৰৰ মাজৰ দূৰত্ব মাত্ৰ ৩ ঘণ্টাত অতিক্ৰম কৰিব পৰা যাব। বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
জম্মু-কাশ্মীৰ ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ ইয়াত চেনাব নদীত নিৰ্মিত বিশ্বৰ সৰ্বোচ্চ ৰেল দলং উদ্বোধন কৰে। ইয়াৰ সমান্তৰালকৈ তেওঁ বন্দে ভাৰত ৰে’লখনকো ফ্লেগ অফ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাটৰা ভ্ৰমণৰ পূৰ্বে উধমপুৰৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰাপত্তা কটকটীয়া কৰা হৈছে।
ত্ৰিকুটা পাহাৰত অৱস্থিত বৈষ্ণো দেৱী মন্দিৰ পৰিদৰ্শন কৰা তীৰ্থযাত্ৰীসকলৰ ভিত্তি শিবিৰ কাটৰাত ৪৬ হাজাৰ কোটিৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
#WATCH | J&K: Prime Minister Narendra Modi will flag-off Vande Bharat Express trains connecting Katra and Srinagar, shortly.
Visuals from Nowgam Railway Station. pic.twitter.com/EPhS7QxbK8
— ANI (@ANI) June 6, 2025
চেনাব দলং পৰিদৰ্শনৰ সময়ত এজন বিষয়াৰ সৈতেও কথা পাতিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। এই ৰেল দলংখন ১০০ মহলীয়া অট্টালিকাতকৈও ওখ।
প্ৰধানমন্ত্ৰী মোদীয়ে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ সৈতেও বাৰ্তালাপ কৰে। এই সময়ত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱও উপস্থিত আছিল।
আনহাতে অঞ্জি খাদ দলং উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। অঞ্জি খাদ দলঙৰ কথা ক’বলৈ গ’লে ই ৰে’লৱেৰ প্ৰথমখন কেবল ষ্টেড দলং। নদীৰ পৰা ৩৩১ মিটাৰ ওপৰত নিৰ্মাণ কৰা হৈছে। ইয়াক নিৰ্মাণ কৰিবলৈ মাত্ৰ ১১ মাহ সময় লাগিছিল।