নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী মোদীলৈ ইজিপ্তৰ সর্বোচ্চ সন্মান ‘অর্ডাৰ অৱ দ্য নাইল’

📌 ৰাষ্ট্রপতি আল–চিচিৰে গুৰুত্বপূর্ণ বৈঠক মোদীৰ

বিশেষ বাৰ্তা, ২৫ জুনঃ তিনিদিনীয়া আমেৰিকা ভ্রমণৰ পাছত দুদিনীয়া ভ্রমণসূচী লৈ ইজিপ্তত শনিবাৰে উপস্থিত হোৱা ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক দেশখনৰ ৰাজধানী কাইৰোত উষ্ণ আদৰণি জনোৱা হয়৷ আজি প্রধানমন্ত্রী মোদীক ইজিপ্তৰ সর্বোচ্চ সন্মানেৰে বিভূষিত কৰে দেশখনৰ চৰকাৰে৷ ৰাষ্ট্রপতি আব্দেল ফতেহ আল–চিচিয়ে আজি মোদীক ‘অর্ডাৰ অৱ দ্য নাইল’ সন্মানেৰে সন্মানিত কৰে৷ লক্ষণীয় যে দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পর্ক অধিক সুদৃঢ় কৰাত গুৰুত্ব আৰোপ কৰে৷ দুয়োখন দেশৰ মানুহৰ মাজত যোগাযোগ অধিক সুদৃঢ় কৰাৰ ক্ষেত্রত শপত লয় মোদী আৰু আল–চিচিয়ে৷ উল্লেখনীয় যে কালি কাইৰোত উপস্থিত হোৱাৰ সময়ত মোদীক বিমান বন্দৰত অভ্যর্থনা জনায় দেশখনৰ প্রধানমন্ত্রী মোস্তাফা মাডবাওলিয়ে৷ আজি পুৱা মোদীৰ সৈতে সাক্ষাৎ হয় ৰাষ্ট্রপতি আল–চিচিৰ৷ ৰাষ্ট্রপতিৰ প্রাসাদতেই দুয়োগৰাকী নেতা মিলিত হয়৷ দুয়োগৰাকী নেতাৰ এই সাক্ষাৎকালতেই ৰাষ্ট্রপতি আল–চিচিয়ে ইজিপ্তৰ সর্বোচ্চ সন্মান প্রদান কৰে ভাৰতৰ প্রধানমন্ত্রী মোদীক৷ ইয়াৰ পিছত বিভিন্ন বিষয় লৈ দুয়োগৰাকী নেতাৰ মাজত আলোচনা চলে৷ প্রধানমন্ত্রী মোদীয়ে আল–হাকিম মছজিদলৈও যায়৷ এই মছজিদতো মোদীৰ হাতত তুলি দিয়া হয় স্মাৰক৷ ইয়াৰ সমান্তৰালকৈ হেলি’পালিছ যুদ্ধ স্মাৰক পৰিদর্শন কৰে প্রধানমন্ত্রীয়ে৷ এই যুদ্ধ স্মাৰকত প্রথম বিশ্বযুদ্ধত নিহত ভাৰতীয় সেনাসকলক শ্রদ্ধা জনায় মোদীয়ে৷ আজি ইজিপ্ত ভ্রমণ সামৰি গৃহভূমিলৈ উভতি আহিছে প্রধানমন্ত্রী মোদী৷

You might also like