নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্ভাৱন-প্রযুক্তি খণ্ডত সহযোগিতাৰে কাম কৰিব ভাৰত-আমেৰিকাই

🔹 মাস্কৰে টেলিফোনিক বার্তালাপ প্রধানমন্ত্রী মোদীৰ

নিউজ ডেস্ক, ১৯ এপ্রিল : আমেৰিকা যুক্তৰাষ্ট্রৰ চৰকাৰী দক্ষতা বিভাগৰ মুৰব্বী তথা টেছলাৰ চিইঅ’ ধনকুবেৰ এলন মাস্কৰ সৈতে টেলিফোনিক বার্তালাপ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ আমেৰিকাৰ ৰাষ্ট্রপতি হিচাপে দ্বিতীয়বাৰৰ বাবে কার্যনির্বাহ কৰি থকা ড’নাল্ড ট্রাম্প চৰকাৰৰ দক্ষতা বিভাগৰ মুৰব্বী ধনকুবেৰ এলন মাস্কৰ সৈতে বার্তালাপত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্রখনত দুয়ো দেশে সহযোগিতাৰে কাম কৰা সন্দর্ভত বিতং আলোচনা কৰে৷ প্রযুক্তি আৰু উদ্ভাৱনৰ সমান্তৰালকৈ ভাৰত আৰু আমেৰিকাৰ মাজত কেইবাটাও বিষয়ত সমন্বয়ৰে আগবাঢ়ি যোৱা প্রসংগও মোদী আৰু মাস্কৰ বার্তালাপৰ সময়ত স্থান পায়৷ মোদী আৰু মাস্কৰ বার্তালাপত দুয়োখন দেশে প্রযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্রখনত সমন্বয়ৰে কাম কৰি যোৱাৰ আশ্বাস দিয়ে৷ উল্লেখ্য যে ড’নাল্ড ট্রাম্পৰ দ্বিতীয়টো কার্যকাল আৰম্ভ হোৱাৰ পিছতেই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যোৱা ফেব্রুৱাৰীত আমেৰিকাত দুদিনীয়া ভ্রমণসূচীৰ সময়ত এলন মাস্কৰ সৈতে বার্তালাপ কৰিছিল৷ সেই বার্তালাপতো মোদী আৰু মাস্কৰ মাজত মহাকাশ প্রযুক্তি, উদ্ভাৱন আদি সন্দর্ভত আলোচনা কৰা হৈছে৷ টেলিফোনিক বার্তালাপত ভাৰত আৰু আমেৰিকাৰ মাজত প্রযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্রখনত শক্তিশালী সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷ দ্রুতগতিত পৰিৱর্তিত হৈ থকা প্রযুক্তি পৰিৱেশতন্ত্র আৰু মাস্কৰ উদ্ভাৱনৰ বিষয়ে আলোচনাত সর্বাধিক গুৰুত্ব পায়৷ উল্লেখ্য যে ভাৰতৰ বৈদ্যুতিক বাহন বজাৰখনত টেছলাৰ প্রৱেশৰ সম্ভাৱনাৰ পূর্বেই মাস্কৰ সৈতে মোদীৰ টেলিফোনিক বার্তালাপ চর্চিত হৈছে৷

You might also like