নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানতো সৰ্বজন সমাদৃত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বিশেষ বাৰ্তা, ৮ ডিচেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা কিমান উচ্চ সেই কথাৰ পৰা অনুমান কৰিব পাৰি যে তেওঁ গুগলত সঘনাই সন্ধান কৰা নেতা। এই বিষয়ত তেওঁৰ আঁৰত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনক। ছেপ্টেম্বৰ মাহত গ্ল’বেল ৰেটিং এপ্ৰ’ভেলে প্ৰকাশ কৰা সমগ্ৰ বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাত শীৰ্ষত আছে প্ৰধানমন্ত্ৰী মোদী। তেওঁক ভাল পোৱা লোক পাকিস্তানতো আছে। ২৯ নৱেম্বৰত পাকিস্তানৰ পৰা ভাৰতলৈ উভতি অহা ভাৰতীয় অঞ্জুৱে এই কথা প্ৰকাশ কৰিছে। অঞ্জু ভাৰতলৈ উভতি অহাৰ পিছৰে পৰা পাকিস্তানৰ জনসাধাৰণৰ বিষয়ে নতুন নতুন কথা আৰু তেওঁৰ অভিজ্ঞতাৰ বিষয়ে ব্যক্ত কৰি আহিছে। অঞ্জুৱে কয় যে তাত থকা মানুহে প্ৰধানমন্ত্ৰী মোদীক বহুত ভাল পায় আৰু তাত তেওঁৰ অনুৰাগী বহুত আছে। তাত থকা মানুহে পাকিস্তানতো মোদীৰ দৰে নেতা বিচাৰে। টাইমছ নাও নৱভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অঞ্জুৱে কয় যে পাকিস্তানত থকা ফেচবুক বন্ধু নছৰুলাৰ সৈতে ৰাজনীতিৰ কোনো কথা-বতৰা হোৱা নাছিল যদিও তাত থকাৰ পিছত তেওঁ গম পাইছিল যে পাকিস্তানৰ জনসাধাৰণে ভাৰতীয় প্ৰধানমন্ত্ৰীক বহুত ভাল পায়। প্ৰধানমন্ত্ৰী মোদী আৰু ভাৰতৰ বিষয়ে জানিবলৈ পাকিস্তানীসকল অতি কৌতূহলী। তাত মানুহে অঞ্জুক প্ৰধানমন্ত্ৰী মোদীক লৈ বহু প্ৰশ্ন কৰিছিল। অঞ্জুৱে লগতে দাবী কৰে যে পাকিস্তানীসকলে অনুভৱ কৰে যে তেওঁলোকৰ দেশকো মোদীৰ দৰে নেতাৰ প্ৰয়োজন যাতে পাকিস্তানেও বিকাশ কৰিব পাৰে। চলিত বৰ্ষৰ ২১ জুলাইত অঞ্জু পৰিয়ালক খবৰ নিদিয়াকৈ পাকিস্তানলৈ গৈছিল। তাতে ফেচবুকৰ বন্ধু নছৰুল্লাক লগ পাই ইছলাম ধৰ্ম গ্ৰহণ কৰি ফাতিমা হয়। ফাতিমা হোৱা অঞ্জুৱেও নছৰুল্লাক বিয়া কৰাইছিল। ভাৰতত অঞ্জুৰ স্বামী, পিতৃ আৰু দুটা সন্তান আছে। অঞ্জু পাকিস্তানলৈ যোৱাৰ সময়ত স্বামী অৰবিন্দক উদ্দেশ্যি এখন চিঠিও এৰি থৈ গৈছিল। চিঠিখনত তাই লিখিছে যে তাই পাকিস্তান ভ্ৰমণৰ বাবে গৈছে আৰু ২-৩ দিনৰ পিছত ঘূৰি আহিব, কিন্তু তাইৰ ভিছাৰ সবিশেষৰ পৰা জানিব পৰা গৈছে যে তাইৰ ভিছাৰ বৈধতা ৯০ দিনৰ। ইয়াত ভাৰতত তেওঁৰ স্বামীয়ে অঞ্জু আৰু নছৰুলাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰি নছৰুল্লাই পত্নীক বিবাহৰ বাবে প্ৰলোভিত কৰাৰ অভিযোগ উত্থাপন কৰে।

#বাৰ্তা ডেস্ক

You might also like