নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধ বিমান তেজছত প্ৰধানমন্ত্ৰী মোদী

বিশেষ বাৰ্তা, ২৫ নৱেম্বৰ : তেজছ যুদ্ধ বিমানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ বেংগালুৰুৰ হিন্দুস্তান এৰ’নটিক্স লিমিটেডৰ কাৰ্যালয়লৈ যায় আৰু তাতে শনিবাৰে তেওঁ উক্ত যুদ্ধ বিমানখনত ৪৫ মিনিটৰ বিমান যাত্ৰাত অংশগ্ৰহণ কৰে। অৱশ্যে মোদী বেংগালুৰুলৈ গৈছিল তেজছ যুদ্ধ বিমানৰ নিৰ্মাণ কেনেদৰে চলি আছে, সেয়া পৰীক্ষা কৰিবলৈ। আজি মোদীয়ে তেওঁৰ এক্স হেণ্ডেলত তেজছ চলোৱাৰ অভিজ্ঞতাৰ কথাও বৰ্ণনা কৰিলে। তেওঁ লিখিছে- ‘তেজছত এক চুটি ভ্ৰমণ সফলতাৰে সম্পন্ন কৰিলোঁ ৷ অবিশ্বাস্য অভিজ্ঞতাৰে ধন্য হ’লোঁ। আমাৰ থলুৱা নিৰ্মাণ দক্ষতাৰ ওপৰত মোৰ আত্মবিশ্বাস বাঢ়ি গ’ল। আমাৰ জাতীয় সম্ভাৱনাক লৈ নৱীকৃত গৌৰৱ আৰু আশা অনুভৱ কৰিলোঁ।’ দীৰ্ঘদিন ধৰি মোদীয়ে ‘আত্মনিৰ্ভৰশীল ভাৰত’ৰ ওপৰত গুৰুত্ব দি আহিছে। তেওঁ থলুৱা উৎপাদনৰ বাবে নিজৰ উচ্চাকাংক্ষা প্ৰকাশ কৰে। আৰু তেজছ সেই পথৰ অন্যতম মাইলৰ খুঁটি হৈ পৰিছে। কেৱল ভাৰতেই এই বিমানখন ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা নাই। ইতিমধ্যে কেইবাখনো দেশে এই বিমানখন ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

You might also like