নতুন দিল্লীত ৱৰ্ল্ড ফুড ইণ্ডিয়া উৎসৱ মুকলি প্রধানমন্ত্রীৰ
🔹 ভাৰতৰ খাদ্য বিচিত্ৰতাই আন্তর্জাতিক বিনিয়োগকাৰীক লাভান্বিত কৰে– মোদী
🔹 ৮০খন দেশৰ ২০০০তকৈ অধিক প্রতিনিধিৰ অংশগ্রহণ
বিশেষ বাৰ্তা, ৩ নৱেম্বৰ : নতুন দিল্লীৰ প্রগতি ময়দানৰ ভাৰত মণ্ডপমত আয়োজিত ৱর্ল্ড ফুড ইণ্ডিয়া ২০২৩ উৎসৱ মুকলি কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ৮০খন দেশৰ ২০০০তকৈ অধিক প্রতিনিধিৰ লগতে বিশ্বৰ প্রখ্যাত খাদ্য সংসাধন কোম্পানীৰ চিইঅ’ৰ অংশগ্রহণেৰে অনুষ্ঠিত হোৱা ৱর্ল্ড ফুড ইণ্ডিয়া ২০২৩ মুকলি কৰাৰ লগতে প্রধানমন্ত্রী মোদীয়ে ইয়াৰ অংশ হিচাপে ফুড ষ্ট্রীটো উদ্বোধন কৰে৷ ৱর্ল্ড ফুড ইণ্ডিয়া মুকলি কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ভাৰতৰ খাদ্য বিচিত্রতাই আন্তর্জাতিক বিনিয়োগকাৰীক আকর্ষণ কৰাই নহয়, ইয়াৰ দ্বাৰা আন্তর্জাতিক বিনিয়োগকাৰী লাভৱান্বিত হয় ৷ প্রযুক্তিৰ আৰু খাদ্যৰ সমাহাৰেৰে ভৱিষ্যৎ অর্থনীতিৰ নতুন পথ মুকলি কৰে৷ কেন্দ্রীয় চৰকাৰে বিনিয়োগকাৰী বন্ধুত্বমূলক নীতি প্রস্তুত কৰাৰ বাবেই আজি খাদ্য খণ্ডটি নতুন শিখৰলৈ ধাৱিত হৈছে৷ খাদ্য সংসাধন উদ্যোগৰ প্রতিটো খণ্ডতেই ভাৰতে আজি উল্লেখযোগ্য বিকাশ লাভ কৰিবলৈ সক্ষম হৈছে৷ ক্ষুদ্র কৃষক, লঘু উদ্যোগ আৰু মহিলাই খাদ্য সংসাধন খণ্ডটিৰে ভাৰতৰ বিকাশৰ তিনিটা স্তম্ভ হিচাপে বিবেচিত হৈছে৷ খাদ্য সংসাধন উদ্যোগক নেতৃত্ব দিব পৰা ক্ষমতা প্রাকৃতিকভাৱেই লাভ কৰিছে ভাৰতীয় মহিলাই৷ এই উৎসৱ মুকলি কৰাৰ লগতে প্রধানমন্ত্রী মোদীয়ে আত্মসহায়ক গোটসমূহক শক্তিশালী কৰিবৰ কাৰণে এক লাখতকৈ অধিক আত্মসহায়ক গোটৰ সদস্যক বীজ মূলধন সাহায্য বিতৰণ কৰে৷ উল্লেখ্য যে এই উৎসৱ উদযাপনেৰে ভাৰতৰ খাদ্য সম্ভাৰ বিশ্বৰ আগত দাঙি ধৰাৰ লগতে ২০২৩ বর্ষটি মিলেটৰ আন্তর্জাতিক বর্ষ হিচাপে উদযাপন কৰিব৷ এই উৎসৱ উপলক্ষে অনুষ্ঠিত কৰা প্রদর্শনীও পৰিদর্শন কৰে প্রধানমন্ত্রী মোদীয়ে৷ মোদী চৰকাৰৰ কার্যকালত খাদ্য সংসাধন খণ্ডৰ বিকাশৰ অনেক উদাহৰণ দাঙি ধৰে প্রধানমন্ত্রীগৰাকীয়ে ৷ মৎস্য পালন, পশুপালন খণ্ডক উৎসাহিত কৰিবলৈ ৫০ হাজাৰতকৈ অধিক টকা চৰকাৰে বিনিয়োগ কৰাৰ প্রসংগও উল্লেখ কৰে প্রধানমন্ত্রী মোদীয়ে৷ বিশ্বৰ কৃষিখণ্ডৰ উৎপাদিত সামগ্রী ৰপ্তানিত সপ্তম স্থান লাভ কৰিবলৈ সক্ষম হোৱা ভাৰতে অনাগত সময়ত কৃষিখণ্ডত অধিক উন্নতি সাধন কৰিব বুলিও কয় প্রধানমন্ত্রীগৰাকীয়ে ৷ উল্লেখ্য যে আজিৰ এই অনুষ্ঠানত কেন্দ্রীয় গ্রাহক পৰিক্রমা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্রী পীয়ূষ গোৱেল, খাদ্য সংসাধন মন্ত্রী পশুপতি কুমাৰ পৰশ, গ্রামোন্নয়ন মন্ত্রী গিৰিৰাজ সিং, পশুপালন ৰাজ্যিক মন্ত্রী পুৰুষোত্তম ৰূপালা, খাদ্য সংসাধন উদ্যোগৰ ৰাজ্যিক মন্ত্রী প্রহ্লাদ সিং পেটেলকে ধৰি বিভাগীয় শীর্ষ বিষয়াসকল উপস্থিত থাকে৷