নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সময়তকৈ পূর্বে ব্রিটেইনৰ ৰজাৰ দায়িত্বত যুৱৰাজ উইলিয়াম

🔹 বাকিংহাম পেলেচত তৎপৰতা

নিউজ ডেস্ক, ১৫ ডিচেম্বৰ : ব্রিটেইনত ৰজা তৃতীয় চার্লছৰ ৰাজত্বকালৰ অৱসান ঘটিব শীঘ্রে! চার্লছৰ পিছতে যুৱৰাজ আৰু যুৱৰাণীৰ পৰা গৈ ৰজা–ৰাণী হৈ উঠিব উইলিয়াম আৰু কেট! বাকিংহাম পেলেচত ক্ষমতা বদলৰ সময় আসন্ন হৈ আহিছে! এনে প্রশ্ণ এতিয়া উত্থাপন হৈছে ইংলেণ্ডৰ ৰাজপথৰ পৰা আৰম্ভ কৰি প্রত্যন্ত গলিলৈকে৷ বিভিন্ন মহলে চর্চা চলাইছে যে ৰাজকুমাৰ আৰু ৰাজকুমাৰীয়ে সময়তকৈ বহু পূর্বেই ব্রিটেইনত ৰজা–ৰাণীৰ মর্যাদা লাভ কৰিব৷ ইতিমধ্যে উইলিয়াম আৰু কেটে নিজকে ৰজা–ৰাণী হিচাপে প্রস্তুত কৰিবলৈ লোৱা বুলিও চর্চা চলিছে৷ ইয়াৰ মূল কাৰণ হৈছে ৰজা তৃতীয় চার্লছৰ শাৰীৰিক অৱস্থা৷ ৰজা হিচাপে চার্লছে এতিয়া সকলো দায়িত্ব সুকলমে পালন কৰিব পৰা নাই৷ গতিকে ৰজা চার্লছক এতিয়া প্রয়োজন হৈছে আনৰ সহায়৷ চার্লছক সহায় কৰিবলৈ ভৱিষ্যতৰ ৰজা উইলিয়ামক এতিয়াৰে পৰা প্রস্তুত কৰা হৈছে বুলি বাকিংহাম পেলেচৰ সূত্রই সদৰী কৰিছে৷ ৰাজপৰিয়ালৰ ব্যক্তিগত সূত্রৰ পৰাও একেই তথ্য সদৰী হৈছে৷ ৭৬ বছৰ বয়সীয়া ব্রিটেইনৰ ৰজা তৃতীয় চার্লছে ২০২১ চনৰ ছেপ্টেম্বৰ মাহত ৰাজসিংহাসনত আৰোহণ কৰিছিল৷ ৰাজকুমাৰৰ পৰা ৰজা হোৱাৰ দুবছৰ উকলি গৈছে৷ কিন্তু যোৱা বছৰ দুৰাৰোগ্য কর্কট ৰোগত আক্রান্ত হয় চার্লছ৷ এই বিষয়টোক লৈ বাকিংহাম পেলেচৰ পৰা যথেষ্ট গোপনীয়তা অৱলম্বন কৰা হৈছিল যদিও খবৰটো দেশজুৰি বিয়পিবলৈ বেছি সময় নালাগিল৷ বর্তমান নিয়মীয়া চিকিৎসাৰ মাজত আছে ৰজা তৃতীয় চার্লছ৷ শাৰীৰিক অৱস্থাৰ মাজে মাজে অৱনতি ঘটি আছে চার্লছৰ৷ শেহতীয়াকৈ হাস্পতালতো ভর্তি কৰা হৈছিল ব্রিটেইনৰ ৰজাগৰাকীক৷ বাকিংহাম পেলেচত ৰজা চার্লছৰ স্বাস্থ্যৰ তদাৰক কৰিছে বিশেষজ্ঞ এদল চিকিৎসকে৷ ৰাজপৰিয়ালৰ অতি ঘনিষ্ঠ ছেলি বেদেল স্মিথে শেহতীয়াকৈ সংবাদ মাধ্যমক জনাইছে যে ৰজা চার্লছৰ এতিয়া শাৰীৰিক অৱস্থা সুস্থিৰ নহয়৷ আনকি তেওঁ ৰাজপৰিয়ালৰ সকলো দায়িত্ব পালন কৰিব পৰা নাই৷ চার্লছৰ জীৱনীকাৰ স্মিথে উল্লেখ কৰা অনুসৰি, দৃঢ় মনোভাবৰ বাবে ৰজা চার্লছে সকলো কাম নিজেই কৰাৰ চেষ্টা চলাইছে৷ কিন্তু চার্লছে নিজৰ সীমাবদ্ধতাকো বুজিবলৈ লৈছে৷ গতিকে তেওঁ পুত্র উইলিয়ামৰ সহায় লৈছে ৰাজকার্য পৰিচালনাৰ ক্ষেত্রত৷ অনুৰূপভাৱে যুৱৰাণী কেটে নিজকে এতিয়া ৰাণীৰ ৰূপত সজাবলৈ আৰম্ভ কৰিছে৷ যোৱা সপ্তাহত পেৰিছত নোটৰ ডাম গির্জা পুনৰ উদ্বোধনৰ সময়ত ব্রিটিছ ৰাজপৰিয়ালৰ প্রতিনিধি হিচাপে অংশগ্রহণ কৰিছিল যুৱৰাজ উইলিয়ামে৷ উইলিয়ামক আমেৰিকাৰ নৱনির্বাচিত ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ সৈতে কিছু সময় দেখিবলৈ পোৱা গৈছিল৷ অর্থাৎ লাহে লাহে ৰজা চালর্ছে বিভিন্ন দায়িত্ব উইলিয়ামৰ হাতত অর্পণ কৰিবলৈ লৈছে৷

You might also like