বন্দী অভিনন্দন, ৯ ক্ষেপণাস্ত্র সাজু কৰিছিল ভাৰতে !
🔹 মোদীৰ সিদ্ধান্তত কঁপিছিল পাকিস্তান : অজয় বিছাৰিয়াৰ গ্রন্থত চাঞ্চল্যকৰ তথ্য
বিশেষ বাৰ্তা, ৯ জানুৱাৰী : মাজনিশা প্রধানমন্ত্রী মোদীৰে টেলিফোনত বার্তালাপ কৰিব বিচাৰিছিল ইমৰান খানে৷ কিন্তু পাক প্রধানমন্ত্রীৰ এই অনুৰোধ নাকচ কৰিছিল মোদীয়ে৷ মোদীৰ স্পষ্ট কথা আছিল যে বন্দী হৈ থকা বায়ুসেনাৰ উইং কমাণ্ডাৰ অভিনন্দন বর্তমানক শীঘ্রে মুক্তি দিব লাগিব৷ সেয়া নহ’লে পাকিস্তানৰ দিশলৈ ৯টা ক্ষেপণাস্ত্র নিক্ষেপৰ বাবে সাজু কৰি ৰখা হৈছে৷ ২০১৯ চনৰ ২৭ ফেব্রুৱাৰীৰ নিশা কি কি ঘটিছিল, সেই ঘটনাৱলীক লৈ ৰচিত গ্রন্থ প্রকাশ কৰিবলৈ আগবাঢ়িছে পাকিস্তানত নিযুক্ত তেতিয়াৰ ভাৰতীয় উচ্চায়ুক্ত অজয় বিছাৰিয়াই৷ ইয়াতেই সন্নিৱিষ্ট হৈছে এনে চাঞ্চল্যকৰ বিভিন্ন তথ্য৷ অভিনন্দনৰ বিমান ভাগি পৰাৰ পিছত পাকিস্তানে উইং কমাণ্ডাৰগৰাকীক গ্রেপ্তাৰ কৰিছিল৷ তেতিয়াই নিশাৰ ভিতৰতে ক্ষেপণাস্ত্র সাজু কৰিছিল ভাৰতে৷ চৰকাৰীভাৱে ভাৰতে এই কথা কেতিয়াও উল্লেখ কৰা নাই যদিও বিছাৰিয়াই গ্রন্থখনত উল্লেখ কৰা অনুসৰি অভিনন্দনক আটক কৰাৰ পিছতে আমেৰিকা, ব্রিটেইন আৰু ফ্রান্সৰ ৰাষ্ট্রদূতৰ সৈতে বৈঠকত বহিছিল পাক বিদেশ সচিব৷ বিছাৰিয়াৰ মতে ভাৰতে ক্ষেপণাস্ত্র সাজু কৰাৰ তথ্য পোৱাৰ লগে লগে পাক চৰকাৰ ভয়ত কঁপিছিল৷ সেইবাবে ইমৰান খানে মোদীৰ সৈতে বার্তালাপ কৰিব বিচাৰিছিল৷ কিন্তু মোদীয়ে ইমৰানৰ অনুৰোধ অগ্রাহ্য কৰে৷ ইয়াৰ পিছদিনাখন সংসদত ইমৰান খানে অভিনন্দনক মুক্তি দিয়া হ’ব বুলি ঘোষণা কৰে৷ বিছাৰিয়াৰ প্রকাশ পাবলগীয়া নতুন গ্রন্থৰ শিৰোনাম– ‘এংগাৰ মেনেজমেণ্ট : দ্য ট্রাবুলড্ ডিপ্লমেটিক ৰিলেচনশ্বিপ বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান’৷