অন্তর্বাস পিন্ধি বিশ্ববিদ্যালয়ত প্রতিবাদ
🔹 ইৰানত কঠোৰ পোছাক বিধিক লৈ ক্ষুব্ধ তৰুণী
নিউজ ডেস্ক, ৪ নৱেম্বৰ : ইৰানত মহিলাসকলৰ বাবে কঠোৰ পোছাক বিধিৰ কথা সকলোৰেই জ্ঞাত৷ সেই কঠোৰ পোছাক বিধিৰ বাবেই এইবাৰ নিজৰ পোছাক খুলিলে এজনী তৰুণীয়ে৷ বিশ্ববিদ্যালয়ৰ সন্মুখত তৰুণীজনীয়ে কেৱল অন্তর্বাস পৰিধান কৰি প্রতিবাদ সাব্যস্ত কৰে৷ এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে ইৰানৰ ইছলামিক আজাদ বিশ্ববিদ্যালয়ৰ চৌহদত কেৱল অন্তর্বাস পৰিধান কৰি খোজকাঢ়িছে তৰুণীজনীয়ে৷ নিজৰ পোছাক খুলি এনেদৰে প্রতিবাদ সাব্যস্ত কৰাৰ কিছু সময় পিছতে বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰক্ষীসকলে তৰুণীজনীক আটক কৰে৷ তৰুণীৰ মানসিক সমস্যা আছে বুলি দাবী কৰিছে বিশ্ববিদ্যালয় কর্তৃপক্ষই৷ বিশ্ববিদ্যালয়ৰ এগৰাকী বিষয়ববীয়া আমিৰ মাহজবে উল্লেখ কৰে যে এই তৰুণীজনীৰ মানসিক সমস্যা আছে৷ মগজুৰ ভাৰসাম্য নথকাৰ বাবে এনে কাণ্ড সংঘটিত কৰিছে তৰুণীজনীয়ে৷ অৱশ্যে বাতৰি যুগুতোৱা পৰলৈ আৰক্ষীয়ে মুকলি কৰি দিয়া নাই তৰুণীজনীক৷