নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জার্মান চেন্সেলৰক কুকুৰেৰে ভয় খুৱাইছিল পুটিনে !

🔹 স্মৃতিকথা প্রকাশৰ পিছতে ক্ষমা বিচাৰিলে ৰুছ ৰাষ্ট্রপতিয়ে

নিউজ ডেস্ক, ৩০ নৱেম্বৰ : ২০০৭ চন৷ তেতিয়াৰ জার্মান চেন্সেলৰ এঞ্জেলা মার্কেলৰ সন্মুখত নিজৰ বিশালদেহী ক’লা লেব্রডৰ কুকুৰ ‘কোনি’ক এৰি দি হেনো ভয় দেখুৱাইছিল ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে৷ এনে আশ্চর্যকৰ অভিযোগ তুলি পুটিনক আক্রমণ কৰিছে মার্কেলে৷ মার্কেলে তেওঁৰ নতুনকৈ প্রকাশ পোৱা স্মৃতিকথা ‘ফ্রীডম’ত এই সন্দর্ভত বিস্তাৰিত অভিযোগ কৰিছে৷ কিন্তু কালি পুটিনে এই অভিযোগৰ উত্তৰ দিবলৈ গৈ দাবী কৰিছে যে যি ঘটিছিল সেয়া অনিচ্ছাকৃত৷ মার্কেলে যে পোহনীয়া কুকুৰক ভয় কৰে সেই কথাটো জনা নাছিল বুলি মন্তব্য কৰিছে পুটিনে৷ অৱশ্যে মার্কেলে দাবী কৰা অনুসৰি পুটিনে এই কাম জানি–বুজিয়েই কৰিছিল৷ কাৰণ ২০০৬ চনত পুটিনৰ সৈতে সাক্ষাতৰ পূর্বে ৰুছ ৰাষ্ট্রপতি টীমক মাৰ্কেলে জনাই দিছিল যে তেওঁৰ সন্মুখলৈ পুটিনৰ পোহনীয়া কুকুৰটো নানিলে সুখী হ’ব৷ লক্ষণীয়ভাৱে ইয়াৰ পিছতো মার্কেলক পুটিনে এটা কুকুৰ উপহাৰ দিছিল৷ শেহতীয়াকৈ মার্কেলৰ স্মৃতিকথা প্রকাশ পোৱাৰ লগে লগে পুটিনে ‘কোনি’ৰ ওচৰত জার্মান চেন্সেলৰগৰাকী অস্বস্তি উপভোগ কৰা বুলি যি অভিযোগ অনা হৈছে, তাক লৈ বিশেষ চর্চা চলিছে৷ বিষয়টোক লৈ আন্তর্জাতিক সংবাদ মাধ্যমত আলোড়ন সৃষ্টি হোৱাৰ লগে লগে কালি পুটিনে উল্লেখ কৰে যে সঁচাকৈয়ে তেওঁ মার্কেলক ভয় খুওৱা নাছিল৷ তথাপি এঞ্জেলা মার্কেলৰ ওচৰত ক্ষমা বিচাৰিছে পুটিনে৷

You might also like